ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মৰিগাঁও জিলাৰ বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত তথা দলংঘাট বৰমণিপুৰ ষষ্ঠদশ অসম আৰক্ষী বেটেলিয়ানৰ কেম্পত মঙলবাৰে এজন ডেলিভাৰী বয়ক আক্ৰমণ কৰা হয় । বৰমণিপুৰ ষষ্ঠদশ অসম আৰক্ষী বেটেলিয়ানৰ আৱাসস্থলীত মঙলবাৰে লডস্বেয়াৰ কোম্পানীৰ কৰ্মচাৰী(ডেলিভাৰী বয়) হীৰক জ্যোতি বৰাক এগৰাকী মহিলাই নিৰ্দয়ভাৱে শাৰিৰীক আক্ৰমণ কৰে।
তথ্য অনুসৰি, ১৬ বেটেলিয়ানৰ এগৰাকী জোৱানৰ পত্নীয়ে মিছ' নামৰ অনলাইন ব্যবসায়ীক কোম্পানীত এজোৰ কাপোৰ অৰ্ডাৰ কৰিছিল। সেই অৰ্ডাৰ মৰ্মে কাপোৰজোৰ দিবলৈ মহিলাগৰাকীৰ পদূলিত উপস্থিত হৈছিল ডেলিভাৰী বয় হীৰকজ্যোতি বৰা।
ডেলিভাৰী বয়জনে কাপোৰজোৰ দিয়াৰ পাছতে, মহিলাগৰাকীয়ে ধন দিবলৈ অমান্তি হয়। পাছত ডেলিভাৰী বয়জনে কাপোৰৰ মূল্য বিচৰাত, ওলোতাই মহিলাগৰাকীয়ে যুৱকজনে পিন্ধি থকা হেলমেটটোৰে মুখত উপৰ্যুপৰি প্ৰহাৰ কৰে।
উল্লেখ্য যে, উক্ত অবিবেচকী কৰ্মকাণ্ড চলি থকাৰ সময়ত মহিলাগৰাকীক সংগ দিছিল, স্বয়ং স্বামী তথা বেটেলিয়ানৰ জোৱান জনে। পাছত তেজৰে লুটুৰি পুতুৰি যুৱকজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি দলংঘাট আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসাৰ ব্যবস্থা কৰে।