/asomiyapratidin/media/media_files/2025/02/19/KNAEZx9eCWhlFAaziIhT.jpg)
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা
ডিজিটেল ডেস্কঃ দিল্লীয়ে পালে চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী। ১৯৯৮চনত ৫২দিনৰ বাবে দিল্লীৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হৈছিল সুষমা স্বৰাজ। তাৰ পিছতে দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আছিল শীলা দীক্ষিত। ১৫বছৰ ২৫দিন ধৰি দিল্লীক শাসন কৰিছিল কংগ্ৰেছ নেত্ৰী শীলা দীক্ষিতে।
দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল আতিশী মাৰ্লেনা। কেজৰিৱালৰ জেল যাত্ৰাৰ সুবাদতে ১৫২দিনৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল আতিশী। আতিশী পাছতে এতিয়া প্ৰায় ২৭বছৰৰ পাছত দিল্লী দখল কৰা বিজেপিয়ে মুখ্য়মন্ত্ৰী হিচাপে নিৰ্বাচন কৰিলে ৰেখা গুপ্তাক। ৰেখা গুপ্তা হৈছে শালীমাৰবাগ সমষ্টিৰ বিধায়িকা। বিজেপিয়ে পূৰ্বৰ পৰাই পৰিকল্পনা কৰি আছিল যে, দিল্লীৰ নিৰ্বাচনত যদিহে সফল হয় তেন্তে এগৰাকী মহিলা প্ৰাৰ্থীক দিব মুখ্যমন্ত্ৰীত্ব। যাৰ বাবে তেওঁলোকে স্মৃতি ইৰানীৰ কথা চিন্তা কৰিছিল।
কিন্তু বিশেষ কিছু কাৰনত স্মৃতি ইৰানী বাহিৰ হ'ল দিল্লীৰ ভাবী মুখ্যমন্ত্ৰীৰ তালিকাৰ পৰা। তাৰ পিছতে চৰ্চাত আহিল ৰেখা গুপ্তাৰ নাম। দিল্লীৰ মহিলা মৰ্চাৰ অধ্যক্ষা ৰেখা গুপ্তা। মন কৰিবলগীয়া যে, এন ডি এ শাসিত কোনো এখন ৰাজ্যতে এতিয়ালৈকে নাই মহিলা মুখ্যমন্ত্ৰী। গতিকে এইবাৰ দিল্লীত বিজেপিয়ে এই সুযোগ গ্ৰহণ কৰি ৰেখা গুপ্তাকে দিলে মুখ্যমন্ত্ৰীত্ব।
মুখ্যমন্ত্ৰীত্ব পোৱা পাছতে ৰেখা গুপ্তাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেখেতে লিখিছে, "মোক বিশ্বাস কৰি মুখ্যমন্ত্ৰী পদৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে সকলো শীৰ্ষ নেতৃত্বৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। আপোনালোকৰ এই আস্থা আৰু সমৰ্থনে মোক নতুন শক্তি আৰু প্ৰেৰণা যোগাইছে। মই প্ৰতিশ্ৰুতি দিছো যে মই প্ৰতিজন দিল্লীৰ নাগৰিকৰ কল্যাণ, সৱলীকৰণ আৰু সামগ্ৰিক উন্নয়নৰ বাবে সম্পূৰ্ণ সততাৰে কাম কৰিম।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us