/asomiyapratidin/media/media_files/2025/06/23/sfsfsdfs-2025-06-23-20-23-58.jpg)
ডিজিটেল সংবাদ, ঢাকাঃ উত্তৰ-পূব ভাৰতলৈ সমুদ্ৰবন্দৰৰ জৰিয়তে সামগ্ৰী পৰিবহণৰ উদ্দেশ্যে বাংলাদেশৰ জৰিয়তে গঢ়ি উঠা তিনিটা গুৰুত্বপূৰ্ণ ৰে’ল ট্ৰেনজিট প্ৰকল্পৰ পৰা ভাৰত চৰকাৰে আঁতৰি অহাৰ সিদ্ধান্ত লৈছে। এই খবৰ বৃহৎ পৰিসৰৰ কূটনৈতিক আৰু আঞ্চলিক পৰিবহণ নীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
এই তিনিটা ৰে’লপথ উন্নয়ন প্ৰকল্প আছিল বগৰা-ছিৰাজগঞ্জ ৰে’লপথ নিৰ্মাণ, খুলনা-দৰ্শনা ডাবল লাইন ৰে’লপথ গঠন আৰু পাৰ্বতিপুৰ-কাউনিয়া মিটাৰ গেজ ৰে’লপথক ডুৱেল গেজলৈ ৰূপান্তৰ। এই প্ৰকল্পসমূহৰ প্ৰধান লক্ষ্য আছিল মংলা বন্দৰৰ জৰিয়তে নেপাল, ভূটান আৰু উত্তৰ-পূব ভাৰতলৈ দ্ৰুত আৰু সৰহ পৰিমাণৰ সামগ্ৰী পৰিবহণ নিশ্চিত কৰা।
পিছে, শ্বেখ হাছিনাৰ নেতৃত্বত বাংলাদেশ আৰু ভাৰতৰ মাজত সহযোগিতামূলক ধাৰা বলবৎ থাকিলেও, বর্তমান ৰাজনৈতিক পৰিৱেশৰ পৰিপ্ৰেক্ষিতত দিল্লীয়ে নিজৰ ভুমিকা পৰ্যালোচনা কৰি তিনিটা প্ৰকল্পৰ বিত্তীয় সহায়ৰ প্ৰতি অনিচ্ছা প্ৰকাশ কৰিছে। ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্যৰে ২০১৮ চনত আৰম্ভ হোৱা এই প্ৰকল্পসমূহৰ বাবে ভাৰতীয় ঋণৰ অংশ আছিল—
খুলনা-দৰ্শনা: ২৬৯০ কোটি টকা
বগৰা-ছিৰাজগঞ্জ: ৩১৪৬ কোটি টকা
পাৰ্বতিপুৰ-কাউনিয়া: ১৩৬৭ কোটি টকা
বাংলাদেশ ৰেlল মন্ত্ৰালয়ে জনোৱা মতে, "চলিত বৰ্ষৰ ৫-৬ মাৰ্চত ভাৰত আৰু বাংলাদেশৰ মাজত এখন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল, য’ত ভাৰতীয় পক্ষই তিনিওটা প্ৰকল্পৰ বিত্তীয় সাহায্য প্ৰদানৰ বাবে অনিচ্ছা প্ৰকাশ কৰিছিল"।
ইয়াৰ পৰিপ্ৰেক্ষিতত আপাততঃ খুলনা-দৰ্শনা আৰু পাৰ্বতিপুৰ-কাউনিয়া প্ৰকল্প স্থগিত ৰখা হৈছে আৰু বাংলাদেশ ৰে'লৱেই বিকল্প বিত্তীয় সাহায্যৰে বগৰা-চিৰাজগঞ্জ ৰেলৱে নিৰ্মাণ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা কৰিছে। অৱশ্যে ভাৰতে এই প্ৰকল্পসমূহৰ ঋণ চুক্তি আনুষ্ঠানিকভাৱে বাতিল কৰা নাই। ইয়াৰ বাবে ৰে’লৱে প্ৰকল্পসমূহ স্থগিত ৰাখিব নোৱাৰে বা বিকল্প বিত্তীয় সাহায্যৰ কাম আৰম্ভ কৰিব নোৱাৰে।
যদিও ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে ঋণ চুক্তি বাতিল কৰা নাই, তথাপিও বাংলাদেশ ৰেলৱে উল্লেখ কৰিছে যে ভাৰতৰ আগ্ৰহ নথকাত প্রকল্পসমূহৰ অগ্ৰগতিত হেঙাৰ সৃষ্টি কৰিছে। এই পৰিস্থিতিৰ প্ৰতি প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে, বাংলাদেশ ৰে'ল মন্ত্ৰালয়ে বিকল্প বিত্তীয় উৎস বিচাৰি আগবাঢ়িছে। বিশেষকৈ বগৰা-ছিৰাজগঞ্জ ৰে’লপথৰ বাবে Asian Development Bank (ADB)য়ে ইতিমধ্যেই বিত্তীয় সহায় প্ৰদানৰ আগ্ৰহ প্ৰকাশ কৰিছে।
ইফালে ভূমি অধিগ্ৰহণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ থকাৰ বাবে এই প্ৰকল্পটো তুলনামূলকভাৱে সোনকালে সম্পূৰ্ণ হোৱাৰ আশা ব্যক্ত কৰিছে মন্ত্ৰালয়ে। অন্য দুটা প্ৰকল্প—খুলনা-দৰ্শনা আৰু পাৰ্বতিপুৰ-কাউনিয়া—অস্থায়ীভাৱে স্থগিত ৰখা হৈছে, কিন্তু এগৰাকী মন্ত্ৰালয়ৰ উপদেষ্টাৰ মতে, 'এই প্ৰকল্পসমূহ বিকল্প পন্থাৰে আগবঢ়োৱাৰ ব্যৱস্থা চলি আছে।' অৱশ্যে, এই প্ৰকল্পসমূহৰ পুনৰুজ্জীৱনই কেৱল বাংলাদেশৰ নহয়, ভাৰতৰো বাণিজ্যিক আৰু কৌশলগত স্বাৰ্থৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব।