১৬ আগষ্টৰ পৰা আৰম্ভ হ’ব বিজ্ঞান শাখাৰ অফলাইন পাঠদান…

১৬ আগষ্টৰ পৰা আৰম্ভ হ’ব বিজ্ঞান শাখাৰ অফলাইন পাঠদান…

author-image
asomiyapratidin
New Update
১৬ আগষ্টৰ পৰা আৰম্ভ হ’ব বিজ্ঞান শাখাৰ অফলাইন পাঠদান…

ডিজিটেল ডেস্কঃ দিল্লী বিশ্ববিদ্যালয়ে বিজ্ঞান শাখাৰ পাঠদান ১৬ আগষ্টৰ পৰা আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়খনে অফলাইন মাধ্যমেৰে স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ বিজ্ঞান শাখাৰ অফলাইন পাঠদান আৰম্ভ কৰিব। সকলো শিক্ষাৰ্থী, শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলক তাৎক্ষণিকভাৱে কৰ্মস্থলীত উপস্থিত হ'বলৈ বিশ্ববিদ্যালয়খনে আহ্বান জনাইছে।

Advertisment

কোভিড-১৯ সংক্ৰমণৰ সংখ্যা হ্ৰাস হোৱাৰ প্ৰতি লক্ষ্য কৰি বিশ্ববিদ্যালয় আৰু ইয়াৰ মহাবিদ্যালয়সমূহৰ বিজ্ঞান পাঠ্যক্ৰমৰ স্নাতক আৰু স্নাতকোত্তৰ কাৰ্যসূচীৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত শ্ৰণী আৰু ব্যৱহাৰীক, প্ৰকল্পৰ কাম আদি ১৬ আগষ্ট,২০২১ৰ পৰা অফলাইন মাধ্যমেৰে কাৰ্যকৰী কৰিব বুলি এক জাননীৰ জৰিয়তে জানিবলৈ দিছে।

আনহাতে অন্যান্য শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন ক্লাছসমূহ একাডেমিক কেলেণ্ডাৰ অনুসৰিয়েই অব্যাহত হৈ থাকিব বুলি উল্লেখ কৰিছে।