/asomiyapratidin/media/media_files/2025/07/14/402-2025-07-14-10-55-20.jpg)
ডিজিটেল ডেস্ক : দেশৰ অগ্ৰণী শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ মৃতদেহ যমুনা নদীত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১৩ জুলাই ২০২৫ দেওবাৰে গীতা কলনীৰ এখন উৰণ সেতুৰ সমীপত যমুনা নদীত উদ্ধাৰ হৈছে মৃতদেহটো।
আৰক্ষীয়ে চিনাক্ত কৰা অনুসৰি এই মৃতদেহটো ত্ৰিপুৰাৰ ছাত্ৰী স্নেহা দেৱনাথৰ। ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে স্নেহাৰ মৃতদেহ। তাৰোপৰি আৰক্ষীয়ে এটি টোকাও উদ্ধাৰ কৰিছে।
টোকাটোত এইবুলি লিখা আছে- “মই মোৰ জীৱন এৰি আহিলো। মই নিজকে বহুত অফল আৰু বোজা অনুভৱ কৰিছো। মোৰ বাবে এনেদৰে জীয়াই থকাটো অসহনীয় হৈ পৰিছে। এই সিদ্ধান্ত মোৰ নিজৰ। ইয়াত কাৰো দোষ নাই। নাই কাৰো ষড়যন্ত্ৰ অথবা চাপ। “
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ১৯ বছৰীয়া ছাত্ৰীগৰাকী আজিৰ পৰা ৬দিন পূৰ্বে নিৰুদ্দেশ হৈছিল। জানিব পৰা মতে তেওঁ সমনীয়াৰ সৈতে ৭ জুলাই ২০২৫ত এখন কেবত উঠি দিল্লীৰ চিগনেচাৰ ব্ৰীজলৈ গৈছিল।
ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই থকাৰ কথা জানিব পৰা গৈছে। অনুসন্ধান আৰু মৰণোত্তৰ পৰীক্ষাৰ পাছতহে ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us