দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ সবিশেষ…

দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ সবিশেষ…

author-image
asomiyapratidin
New Update
দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ সবিশেষ…

ডিজিটেল ডেস্কঃ আগন্তুক ২ আগষ্টৰ পৰা ৩১ আগষ্টলৈ দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ পঞ্জীয়ন আৰম্ভ হ'ব। সম্পূৰ্ণ অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ'ব এই পঞ্জীয়ন প্ৰক্ৰিয়া। পূৰ্বৰৰ দৰেই এইবাৰো বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত কাট অফ মাৰ্কচৰ ভিত্তিত নামভৰ্তি হ'ব। সেই অনুসৰি দ্বাদশ শষ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত তিনিটা বা চাৰিটা বিষয়ত লাভ কৰা শতাংশ নম্বৰৰ এক সৰ্বনিম্ন শতাংশ প্ৰতিটো বিভাগৰ বাবে ধাৰ্য কৰা হ'ব। সেই নম্বৰ বা তাৰ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়সমূহৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিব।

Advertisment

দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰায় ৭০ খন মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ নামভৰ্তিৰ বাবে ২ আগষ্টৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া। এই মহাবিদ্যলয়সমূহত মুঠ ৭০ হাজাৰ আসন আছে। মাত্ৰ কেইটামান স্নাতক বিভাগত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে অধিকাংশ বিষয়ত কাট অফ মাৰ্কচৰ জৰিয়তেই নামভৰ্তি অনুষ্ঠিত হ'ব।

কাট অফ মাৰ্কচ প্ৰকাশ পাছত বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহত ২৬ জুলাইৰ পৰা নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব।