/asomiyapratidin/media/media_files/2025/04/24/wDWcOiDX9joEknPVS5vW.jpg)
ডিজিটেল সংবাদ,দিল্লীঃ মঙলবাৰে কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত পৰ্যটকৰ স্মৃতিত বুধবাৰে সন্ধিয়া দিল্লীৰ ইণ্ডিয়া গেটত উত্তৰ-পূব পৰিয়ালৰ সদস্যসকলে মমবাতিৰ সমদল উলিয়ায়। কেৱল মৃতকক শ্ৰদ্ধাঞ্জলি জনোৱাই নহয় সন্ত্ৰাসবাদৰ প্ৰতিবাদ হিচাপেও এই সমদলৰ আয়োজন কৰা হৈছিল।
এই সময়ছোৱাত উপস্থিত লোক সকলে উক্ত ঘটনাক তীব্ৰ গৰিহণা দি শোক প্ৰকাশ কৰি কয় যে, এতিয়া পাকিস্তানৰ বিৰুদ্ধে কঠোৰ আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণৰ সময় আহি পৰিছে। জম্মু-কাশ্মীৰকে ধৰি সমগ্ৰ দেশতে যাতে শান্তি আৰু নিৰাপত্তাৰ বাতাবৰণ বিৰাজ কৰে আৰু নিৰীহ লোকৰ জীৱন শেষ নহয় তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাই সদস্যসকলে।