Advertisment

ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে কৰা এফআইআৰ ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ

ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰিছে দিল্লী আৰক্ষীয়ে৷ এজন বিষয়াই সদৰী কৰা অনুসৰি, ‘ক্ৰাইম ব্ৰাঞ্চে এতিয়া এই গোচৰৰ তদন্ত কৰিব৷ 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰিছে দিল্লী আৰক্ষীয়ে৷ এজন বিষয়াই সদৰী কৰা অনুসৰি, ‘ক্ৰাইম ব্ৰাঞ্চে এতিয়া এই গোচৰৰ তদন্ত কৰিব৷ 

Advertisment

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ড০ বি আৰ আম্বেদকাৰক লৈ কৰা মন্তব্যক লৈ বৃহস্পতিবাৰে সংসদৰ মকৰ দ্বাৰত বিজেপি নেতৃত্বাধীন এন ডি এ আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী দলৰ বৃহৎ সংখ্যক সাংসদে তিক্ত যুঁজত লিপ্ত হয়৷  দুয়োপক্ষই এটা পক্ষই আন এটা পক্ষৰ বিৰুদ্ধে প্ৰতিবাদত লিপ্ত হৈছিল৷  

বিজেপি আৰু কংগ্ৰেছ নেতাৰ মাজত কাজিয়া আৰম্ভ হোৱাৰ পিছত মূৰত আঘাত পাইছিল বিজেপিৰ দুই সাংসদ ক্ৰমে প্ৰতাপ চন্দ্ৰ সাৰংগী আৰু মুকেশ ৰাজপুত৷ আঘাতৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দুই সাংসদক৷ বিজেপিয়ে তেওঁলোকৰ এজন সাংসদক ৰাহুল গান্ধীয়ে “শাৰীৰিক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে৷ 

উক্ত ঘটনাৰ পিছতে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল বিজেপিৰ সাংসদ ক্ৰমে হেমাংগ যোশী, অনুৰাগ ঠাকুৰ আৰু বনচুৰী স্বৰাজ৷ 

পাছলৈ কংগ্ৰেছ দলেও অভিযোগ কৰে যে ৰাজ্যসভাত ডাঃ বি আৰ আম্বেদকাৰক লৈ শ্বাহে কৰা মন্তব্যৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিবলৈ যোৱী কংগ্ৰেছী সাংসদৰ প্ৰৱেশত বাধা দিছিল বিজেপিৰ সাংসদসকলে৷ পিছত ৰাহুল গান্ধীয়ে দাবী কৰে যে বিজেপিৰ সাংসদসকলে তেওঁক সংসদত প্ৰৱেশ কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল আৰু তেওঁক ঠেলি দি ভাবুকি প্ৰদান কৰিছিল৷ 

কংগ্ৰেছে দাখিল কৰা অভিযোগৰ ভিত্তিত কোনো এফআইআৰ ৰুজু হোৱা নাছিল৷ আনহাতে বিজেপিৰ অভিযোগৰ ভিত্তিত ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা এফআইআৰ আনুষ্ঠানিকভাৱে ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰা হৈছে৷ কংগ্ৰেছে দাবী কৰে যে বিজেপিৰ সাংসদসকলে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেক শাৰীৰিকভাৱে অপব্যৱহাৰ কৰিছিল৷ 

বিজেপি ৰাহুল গান্ধী কংগ্ৰেছ