/asomiyapratidin/media/media_files/2025/02/17/cu7HOXuSC0V6IA94ogi9.jpg)
দিল্লীৰ মুখ্যমন্ত্ৰী.
ডিজিটেল ডেস্কঃ দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব? তাক লৈ জল্পনা-কল্পনা অব্যাহত আছে। ইয়াৰ মাজতে শেহতীয়াকৈ বিজেপিয়ে কৰিছে এটা ডাঙৰ ঘোষণা। দিল্লী বিজেপিৰ নেতৃত্বই ঘোষণা কৰিছে যে, চৰকাৰ গঠনৰ বাবে অহা ১৯ফেব্ৰুৱাৰীত অনুষ্ঠিত হব বিজেপিৰ বিধায়িনী দলৰ বৈঠক।
এই বৈঠকতে নিৰ্বাচিত কৰা হব বিধায়িনী দলৰ নেতা। সকলো ঠিকেঠাকে থাকিলে ১৯ফেব্ৰুৱাৰীৰ নিশাই বিজেপিয়ে মোহৰ মাৰিব বিজেপিৰ নতুন মুখ্যমন্ত্ৰীৰ নামত। তাৰ পিছত অৰ্থাত ২০ফেব্ৰুৱাৰীত দিল্লীৰ নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
সূত্ৰৰ খবৰ অনুসৰি, সোমবাৰৰ দিনটোত বিজেপিয়ে চৰকাৰ গঠনৰ বাবে পৰ্যবেক্ষকৰ নাম ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। দিল্লীৰ ৰামলীলা মৈদানত শপত গ্ৰহণ অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছে বিজেপিয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, দিল্লী বিধানসভা নিৰ্বাচনত প্ৰায় ২৭বছৰৰ পিছত একক সংখ্যাগৰিষ্ঠতা দখল কৰিছে বিজেপিয়ে। মুঠ ৭০খন আসনৰ ভিতৰত ৪৮খন আসন বিজেপিয়ে দখল কৰিছিল এইবাৰৰ নিৰ্বাচনত।