/asomiyapratidin/media/media_files/2025/02/19/3F1ZFi0F98m8Vt2VYHag.jpg)
ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পেলাই আজি ঘোষণা হ'ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। বিজেপিৰ জ্যেষ্ঠ নেতাসকলে দিল্লী প্ৰশাসন আৰু যান-বাহন আৰক্ষীক দিয়া তথ্য অনুসৰি ২০ ফেব্ৰুৱাৰীত ৰামলীলা ময়দানত হ'ব শপতগ্ৰহণ সমাৰোহ।
বিগত ৮ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ফলাফল অনুসৰি, দিল্লী বিধানসভাৰ ৭০খন আসনৰ ভিতৰত ৪৮ খন আসন লাভ কৰি বিজেপিয়ে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰে। তেতিয়াৰ পৰাই চৰকাৰ গঠনৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মাজত ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত হৈ আছে।
আজিও অনষ্ঠিত হ'ব বিজেপি বিধায়িনী দলৰ বৈঠক। এই বৈঠকতে চূড়ান্ত হ'ব ৰাজধানীখনৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। মুখ্যমন্ত্ৰী পদৰ বাবে চৰ্চাত আছে। পৰৱেশ বাৰ্মা,পৱন শৰ্মা, সতীশ উপাধ্যায় আৰু মোহন বিষ্টৰ নাম।
ইফালে দিল্লীত মহিলা নেত্ৰীৰো ভাগ্যোদয় হোৱাৰ সম্ভাৱনা আছে। চৰ্চাত থকা প্ৰাৰ্থী সকল ক্ৰমে
ৰেখা গুপ্তা, শিখা ৰয়। উল্লেখ্য যে, বিজেপি শাসিত এখনো ৰাজ্যত নাই মহিলা মুখ্যমন্ত্ৰী। এতিয়া প্ৰশ্ন হৈছে মহিলা নেত্ৰীক মুখ্যমন্ত্ৰী পাতি চমক দিব নেকি বিজেপিয়ে ।