মোৰ মৰমবোৰক মূল্যহীন কৰিছিল তেওঁঃ কেজৰিৱালৰ পৰাজয়ত উচুপি উঠিল আন্না হাজাৰে...

দিল্লী বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপৰ লজ্জাজনক পৰাজয়ৰ পাছত উচুপি উঠিছে আন্না হাজাৰে। নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ

author-image
Asomiya Pratidin
New Update
গান্ধীবাদী নেতা

গান্ধীবাদী নেতা Photograph: (গান্ধীবাদী নেতা)

ডিজিটেল ডেস্কঃ দিল্লী বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপৰ লজ্জাজনক পৰাজয়ৰ পাছত উচুপি উঠিছে আন্না হাজাৰে। নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত উচুপি উঠিল গান্ধীবাদী নেতাগৰাকী। 

আন্না হাজাৰে কয় যে, মই তেওঁক বহু বুজাবলৈ চেষ্টা কৰিছিলো। কিন্তু তেওঁ সমাজৰ হিতৰ বাবে কেতিয়াও নাভাৱিলে। কেৱল ৰাজনীতিৰ নামত তেওঁ নূন্যতম মূল্যবোধো হেৰুৱালে তেওঁ। তেওঁ লগতে কয়- মোৰ তেওঁৰ ওপৰত বহু আশা আছিল। তেওঁক বহু মৰম কৰিছিলো। কিন্তু মই দেখুওৱা ৰাস্তা তেওঁ কেতিয়াবাই এৰিলে।'

তেওঁ লগতে কয়- মই দীৰ্ঘ সময় ধৰি তেওঁক কৈ আহিছিলো যে, নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ আচৰণ আৰু চৰিত্ৰৰ ক্ষেত্ৰত কোনো দাগ থাকিব নালাগে। কিন্তু তেওঁলোকৰ নাম সুৰা কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰিল। যাৰ বাবে দিল্লীবাসীয়ে তেখেতসকলক আজি অগ্ৰাহ্য কৰিছে। 

গান্ধাবাদী নেতাগৰাকীয়ে লগতে কয় যে, অৰবিন্দ কেজৰিৱালে দিল্লীবাসীৰ নিস্বাৰ্থভাৱে সেৱা কৰাৰ যি কৰ্তব্য, সেই কৰ্তব্যত ফাঁকি দিলে। তেওঁলোকৰ ত্যাগৰ মানসিকতা কেতিয়াও ফুঁটি নুঠিল। মানুহে তেওঁলোকৰ ওপৰত পূৰ্বৰ সেই বিশ্বাস তিলমানো ৰখা নাছিল। এই সকলোবোৰ কথা মই কেজৰিৱালক বুজাবলৈ চেষ্টা কৰিছিলো যদিও, মই বিফল হৈছিলো। 

উল্লেখ কৰা প্ৰয়োজন যে, নতুন দিল্লী সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে ১২০০ৰো অধিক ভোট পৰাস্ত হৈছিল কেজৰিৱাল। 

দিল্লী