নাৰ্কো পৰীক্ষা সম্পন্ন ! আফতাবে ক'লে...

শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাৰ নাৰ্কো পৰীক্ষা সম্পন্ন। ইয়াৰ পূৰ্বে পলিগ্ৰাফ পৰীক্ষা কৰা হৈছিল আফতাবৰ।

author-image
Asomiya Pratidin
New Update
নাৰ্কো পৰীক্ষা সম্পন্ন ! আফতাবে ক'লে...

aftab

ডিজিটেল ডেস্ক:শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাই নাৰ্কো পৰীক্ষাত হত্যাৰ কথা স্বীকাৰ কৰিছে। চিকিৎসালয়ৰ এক সূত্ৰই এই কথা জনাইছে। আফতাবে কৈছে যে তেওঁ শ্ৰদ্ধা ৱাকাৰক হত্যা কৰিছিল। ইয়াৰ পূৰ্বে, আফতাবে পলিগ্ৰাফ পৰীক্ষাতো নিজৰ অপৰাধ স্বীকাৰ কৰিছিল।

আফতাবৰ পলিগ্ৰাফ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতে চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি আফতাবে জেৰাৰ সময়তো স্বীকাৰ কৰিছিল হত্যাৰ কথা।

উল্লেখ্য যে, দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। শ্ৰদ্ধাৰ প্ৰেমিক আফতাবে শ্ৰদ্ধাক হত্যা কৰি ৩৫ টুকুৰা কৰি বিভিন্ন ঠাইত পেলাই থৈ আহিছিল। কেইবামাহ পাছত পোহৰলৈ আহিছিল এই হত্যাকাণ্ডৰ কথা। লগতে পোহৰলৈ আহিছিল কেনেদৰে বৰ্বতাৰে আফতাবে শ্ৰদ্ধাক নিৰ্যাতন চলাই গৈছিল।

আৰু পঢ়ক: আহি আছে অসমীয়া ছবি 'ইশ্বৰ', দেখা যাব প্ৰয়াত অভিনেতা নিপন গোস্বামীকো...

delhi murder shradha