ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত পুনৰ এক গুলীচালনাৰ ঘটনা সংঘটিত হয় । প্ৰাপ্ত খবৰ অনুসৰি প্ৰাতঃ ভ্ৰমণৰ পৰা ওভতাৰ সময়ত ৫২ বছৰীয়া সুনীল জৈন নামৰ এজন ব্যক্তিক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই । উক্ত ঘটনাৰ পিছতেই সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ।
উল্লেখযোগ্য যে ব্যক্তিজনক গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অস্ত্ৰধাৰী দুই বাইক আৰোহীয়ে । ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী উপস্থিত হৈছিল ঘটনাস্থলীত । ঘটনাৰ তদন্ত প্ৰক্ৰিয়ী অব্যাহত থকা বুলি উল্লেখ কৰে উপ আৰক্ষী আয়ুক্তই ।