Advertisment

দিল্লী মেট্ৰ’ সম্প্ৰসাৰণ আৰু ৮৫খন কেন্দ্ৰীয় বিদ্যালয়ত অনুমোদন চৰকাৰৰ

প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছে কেন্দ্ৰীয় চৰকাৰৰ নৱোদয় বিদ্যালয় আঁচনিৰ অধীনত সমগ্ৰ দেশত ২৮খন নতুন নৱোদয় বিদ্যালয় স্থাপনত অনুমোদন জনায়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় কেবিনেটে শুকুৰবাৰে দিল্লী এনচিআৰ অঞ্চলত মেট্ৰৰেল প্ৰকল্পৰ সম্প্ৰসাৰণৰৰ লগতে ৮৫খন নতুন কেন্দ্ৰীয় বিদ্যালয় স্থাপন আৰু ২৮খন নতুন নৱোদয় বিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনায়।

Advertisment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেবিনেটে ৰাষ্ট্ৰীয় ৰাজধানী আৰু চুবুৰীয়া ৰাজ্য হাৰিয়ানাৰ মাজত সংযোগ বৃদ্ধি কৰি ২৬.৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিথালা-কুণ্ডলী কৰিডৰ প্ৰকল্পৰ চতুৰ্থ পৰ্যায়ত অনুমোদন জনায়।

প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছে কেন্দ্ৰীয় চৰকাৰৰ নৱোদয় বিদ্যালয় আঁচনিৰ অধীনত সমগ্ৰ দেশত ২৮খন নতুন নৱোদয় বিদ্যালয় স্থাপনত অনুমোদন জনায়।

নতুন নৱোদয় বিদ্যালয়ৰ বাবে প্ৰয়োজনীয় মুঠ আনুমানিক পুঁজি ২,৩৫৯.৮২ কোটি টকা। যিটো ২০২৪-২৫ চনৰ পৰা ২০২৮-২৯ চনলৈকে পাঁচ বছৰৰ ভিতৰত আবণ্টন দিয়া হব।

কৰ্ণাটকৰ শিৱমোগ্গাত অৱস্থিত বিদ্যালয়খনৰ সম্প্ৰসাৰণৰ লগতে সমগ্ৰ দেশতে অসামৰিক আৰু প্ৰতিৰক্ষা খণ্ডৰ অধীনত ৮৫খন নতুন কেন্দ্ৰীয় বিদ্যালয় (কেভি)ত অনুমোদন জনায় অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কেবিনেট কমিটীয়ে ।

সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে শেহতীয়া কেবিনেট সিদ্ধান্তই কম যুৱ জনসাধাৰণক উপকৃত কৰিব।  লগতে চাকৰিৰ সৃষ্টি কৰিব। দিল্লী মেট্ৰৰেল প্ৰকল্পৰ সম্প্ৰসাৰণে ইয়াক বিশ্বৰ শীৰ্ষ তিনিটা বৃহৎ মেট্ৰৰেল প্ৰকল্পৰ ভিতৰত স্থান দিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

railway education Govt of India