বিজ্ঞাপনত আশাৰাম বাপুৰ ফ'টো ব্যৱহাৰ কৰি সমালোচনাৰ সন্মুখীন দিল্লী মেট্ৰ'

“পিতৃ-মাতৃৰ পূজা দিৱস”ৰ প্ৰচাৰৰ বাবে মেট্ৰ'ৰ ডবাত আশাৰাম বাপুৰ ছবি থকা বিজ্ঞাপনৰ ফ'টো লগাইছিল দিল্লী মেট্ৰ'ই। এই বিজ্ঞাপনক তীব্ৰ ভাষাকে গৰিহণা দিয়ে এগৰাকী অধিবক্তাই।

author-image
Asomiya Pratidin
New Update
ccbvnb

ডিজিটেল ডেস্কঃ  বিজ্ঞাপনত স্বয়ম্ভু ধৰ্মগুৰু আশাৰাম বাপুৰ ফ'টো ব্যৱহাৰ কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে দিল্লী মেট্ৰ'। “পিতৃ-মাতৃৰ পূজা দিৱস”ৰ প্ৰচাৰৰ বাবে মেট্ৰ'ৰ ডবাত আশাৰাম বাপুৰ ছবি থকা বিজ্ঞাপনৰ ফ'টো লগাইছিল দিল্লী মেট্ৰ'ই। এই বিজ্ঞাপনক তীব্ৰ ভাষাকে গৰিহণা দিয়ে এগৰাকী অধিবক্তাই।

Advertisment

অধিবক্তাগৰাকীয়ে নিজৰ এক্সত লিখে যে, ‘শ্বেম দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যন (ডিএমআৰচি)। দিল্লী মেট্ৰ’ই কিয় ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হোৱা অপৰাধীৰ পোষ্টাৰ,ফ'টো আদিৰ সমৰ্থন কৰিছে?”

অধিবক্তাৰ টুইটৰ প্ৰতি সঁহাৰি জনাই দিল্লী মেট্ৰ'ই এক্সত প্ৰকাশ কৰে যে, এই বিজ্ঞাপনসমূহ অতি শীঘ্ৰে মেট্ৰ’ চৌহদৰ পৰা আঁতৰোৱাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। আজি ৰাতিৰ পৰা এই বিজ্ঞাপনসমূহ আঁতৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। কিন্তু চিষ্টেমৰ পৰা ইহঁতক আঁতৰাবলৈ কিছু সময় লাগিব পাৰে।

উল্লেখযোগ্য যে,  ২০১৩ চনত আশাৰাম বাপুই নিজৰ আশ্ৰমত নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত ২০১৮ চনৰ এপ্ৰিল মাহত যোধপুৰৰ আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

 

আশাৰাম বাপু