ধিক্ মানৱতা! ৬৫ বছৰীয়া মাতৃৰ সৈতে বলপূৰ্বক শাৰিৰীক সম্পৰ্ক স্থাপন...

অভিযোগ অনুসৰি অভিযুক্ত পুত্ৰই শৈশৱৰ পৰাই মাতৃৰ সৈতে জোৰকৈ শাৰিৰীক সম্পৰ্ক স্থাপন কৰি আহিছিল। পুত্ৰৰ এই বৰ্বৰতা সহ্য কৰিব নোৱাৰি মহিলাগৰাকীয়ে ঘৰৰ পৰা ওলাই আহি ডাঙৰ কন্যাৰ বাসগৃহত আশ্ৰয় লয়।

New Update
new ap web 1 (14)

ডিজিটেল ডেস্কঃ  মানৱতাক লজ্জানত কৰা এক ঘটনাই জোকাৰি গৈছে দেশ। পুত্ৰৰ হাতত দুবাৰকৈ ধৰ্ষনৰ বলি হৈ আহিছে এগৰাকী ৬৫ বছৰীয়া মহিলা। দিল্লীৰ হাউজ কাজী অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মাতৃক ধৰ্ষনৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত পুত্ৰক।

Advertisment

ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, চলিত বৰ্ষৰ ১৭ জুলাইত ভুক্তভোগী মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু কনিষ্ঠ কন্যাৰ সৈতে চৌদি আৰৱলৈ যাত্ৰা কৰিছিল। তেওঁলোকৰ ভ্ৰমণৰ সময়ত অভিযুক্ত পুত্ৰই পিতৃক ফোন কৰি তৎক্ষণাত দিল্লীলৈ উভতি আহিবলৈ জোৰ দিছিল।

লক্ষ্যণীয় যে, শৈশৱত মাতৃয়ে পুত্ৰৰ সৈতে অবৈধ সম্পৰ্ক ৰখাৰ অভিযোগ উত্থাপন কৰি তেওঁ পিতৃক বাৰে বাৰে মাকৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈও জোৰ দিছিল। এজাহাৰত উল্লেখ কৰা অনুসৰি, ১ আগষ্টত পৰিয়ালটো দিল্লীলৈ উভতি অহাৰ পিছত অভিযুক্তই মাতৃক এটা কোঠাত আবদ্ধ কৰি জোৰকৈ বোৰ্খা খুলিবলৈ বাধ্য কৰাইছিল আৰু প্ৰহাৰ কৰিছিল।

অভিযোগ অনুসৰি অভিযুক্ত পুত্ৰই শৈশৱৰ পৰাই মাতৃৰ সৈতে জোৰকৈ শাৰিৰীক সম্পৰ্ক স্থাপন কৰি আহিছিল। পুত্ৰৰ এই বৰ্বৰতা সহ্য কৰিব নোৱাৰি মহিলাগৰাকীয়ে ঘৰৰ পৰা ওলাই আহি ডাঙৰ কন্যাৰ বাসগৃহত আশ্ৰয় লয়।

১১ আগষ্টত ভুক্তভোগী মহিলা গৰাকী নিজ বাসগৃহলৈ উভতি অহা পাছতো পুনৰ পুত্ৰৰ হাতত ধৰ্ষিতা হৈছিল। ১৪ আগষ্টৰ পুৱা প্ৰায় ৩:৩০ বজাত অভিযুক্তই দ্বিতীয়বাৰৰ বাবে মাতৃক ধৰ্ষণ কৰে। ১৫ আগষ্টত ভুক্তভোগীয়ে নিজ কন্যাৰ আগত সকলো কথা ব্যক্ত কৰাত কন্যাই তেওঁক আৰক্ষীৰ কাষলৈ লৈ যায়।

দুয়োজনে হাউজ কাজী থানালৈ গৈ লিখিত অভিযোগ দাখিল কৰে। উক্ত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৬৪ (ধৰ্ষণ) ধাৰাত গোচৰ ৰুজু কৰিছে। লগতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

দিল্লী দিল্লী আৰক্ষী