সকাহ পালে মল্লযুঁজাৰু সুশীল কুমাৰে, দিল্লী উচ্চ ন্যায়ালয়ৰ জামিন মঞ্জুৰ

সাগৰ ধনখড় নামৰ এগৰাকী কণিষ্ঠ মল্লযোদ্ধাৰ হত্যাৰ অভিযাগত কাৰাবাসত দিন কটাইছিল সুশীল কুমাৰে।  মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে মল্লযুঁজাৰু সুশীল কুমাৰক নিয়মীয়া জামিন প্ৰদান কৰে। উচ্চ ন্যায়ালয়ে ৫০ টকাৰ বণ্ডত জামিন মঞ্জুৰ কৰিছে মল্লযোদ্ধাগৰাকীক । 

author-image
Asomiya Pratidin
New Update
সুশীল কুমাৰ

সুশীল কুমাৰ

ডিজিটেল ডেস্ক: ২০২১ চনৰ মে' মাহত সংঘটিতত হোৱা দেশ কঁপাই যোৱা এটা হত্যাকাণ্ড। যি হত্যাকাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল দুবাৰকৈ অলিম্পিকত পদক লাভ কৰা ভাৰতীয় মল্লযোদ্ধা সুশীল কুমাৰৰ নাম। সাগৰ ধনখড় নামৰ এগৰাকী কণিষ্ঠ মল্লযোদ্ধাৰ হত্যাৰ অভিযাগত কাৰাবাসত দিন কটাইছিল সুশীল কুমাৰে।  মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে মল্লযুঁজাৰু সুশীল কুমাৰক নিয়মীয়া জামিন প্ৰদান কৰে। উচ্চ ন্যায়ালয়ে ৫০ টকাৰ বণ্ডত জামিন মঞ্জুৰ কৰিছে মল্লযোদ্ধাগৰাকীক । 


ইয়াৰ পূৰ্বে ২০২৩ চনৰ জুলাই মাহত সুশীল কুমাৰৰ অস্ত্ৰোপচাৰৰ বাবে ৭ দিনৰ অন্তৱৰ্তীকালীন জামিন দিয়া হৈছিল। জামিন মঞ্জুৰ কৰাৰ সময়ত সাতদিনীয়া জামিনৰ সময়ছোৱাত ২৪ ঘন্টাই তেওঁৰ লগত দুজন নিৰাপত্তাৰক্ষী থাকিব বুলি উল্লেখ কৰিছিল আদালতে। এই জামিন ২৩ জুলাইৰ পৰা ৩০ জুলাইলৈ দিয়া হৈছিল। জামিনৰ বাবে ১ লাখ টকাৰ ব্যক্তিগত বণ্ড পূৰণ কৰিবলগীয়া হৈছিল মল্লযোদ্ধাগৰাকীয়ে। সুশীলক নিৰ্দেশ দিয়া হৈছিল এই সময়ছোৱাত যাতে তেওঁ সাক্ষীক ভাবুকি নিদিয়ে আৰু প্ৰমাণৰ লগতো কোনোধৰণৰ খেলিমেলি নকৰে। সুশীল কুমাৰৰ নিৰাপত্তাৰ বাবে দিয়া হৈছিল দুই চকীদাৰ।

উল্লেখযোগ্য যে, সুশীলৰ কুমাৰৰ উপৰিও আনকেইবাজনৰ বিৰুদ্ধে  উত্থাপন হৈছিল হত্যাৰ অভিযোগ।   ২০২১ চনৰ ৪ মে’ৰ নিশা এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। মাৰ-পিটৰ ফলত হোৱা আঘাতৰ বাবে সাগৰৰ মৃত্যু হৈছিল। এই ঘটনাৰ পিছতে দিল্লী আৰক্ষীয়ে সুশীল কুমাৰক গ্ৰেপ্তাৰ কৰি ৰোহিনী আদালতলৈ প্ৰেৰণ কৰিছিল। ২০২১ চনৰ অক্টোবৰ মাহত তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছিল। 

armwrestling wrestling federation wrestling