ডাৰ্টী হৈছে টুইটাৰ, কিয় নলয় ব্যৱস্থা- ন্যায়ালয়

ডাৰ্টী হৈছে টুইটাৰ, কিয় নলয় ব্যৱস্থা- ন্যায়ালয়

author-image
asomiyapratidin
New Update
ডাৰ্টী হৈছে টুইটাৰ, কিয় নলয় ব্যৱস্থা- ন্যায়ালয়

ডিজিটেল ডেস্ক: দিল্লী উচ্চ ন্যায়ালয়ো সোমবাৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰক উদ্দেশ্য কৰি এক বিশেষ মন্তব্য কৰে। ন্যায়ালয়ে প্ৰশ্ন কৰে যে "যদি আপোনালোকে আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ টুইটাৰ একাউন্ট ব্লক কৰিব পাৰে তেন্তে হিন্দু দেৱ-দেৱীৰ প্ৰতি আপত্তিজনক মন্তব্য কৰা সকলৰ একাইউন্ট কিয় বন্ধ কৰিব নোৱাৰে।আপোনালোকৰ কামেই কয় যে সংবেদনশীল দিশ সমূহক আপোনালোকে কিমান গম্ভীৰ ভাৱে লয়"।

Advertisment

উল্লেখ্য যে, কাৰ্যবাহী ন্যায়ধীশ বিপিন সাংঘী আৰু ন্যায়মূৰ্তি নবীন চাৱলাৰ এখন বিচাৰপীঠে মা কালীৰ প্ৰতি আপত্তিজনক মন্তব্য কৰা এক আৱেদনৰ শুনানি কৰে। এই সময়তে ন্যায়ালয়ে টুইটাৰক প্ৰশ্ন কৰে যে আপত্তিজনক মন্তব্য কৰা একাউন্ট সমূহৰ বিৰুদ্ধে আপোনালোকে কি ব্যৱস্থা লৈছে।

টুইটাৰৰ তৰফৰ পৰা থকা অধিবক্তা সিদ্ধাৰ্থ লুথৰাই কয় যে আপত্তিজনক মন্তব্য সমূহ আঁতৰাই দিয়া হৈছে লগতে এজাহাৰো দাখিল কৰিছে। তেতিয়া ন্যায়ালয়ে কয় যে এনে একাউন্টত সমূহ কিয় ব্লক নকৰে টুইটাৰে। ইয়াৰোপৰি এনে একাউন্ট সমূহ ব্লক কৰাৰ ক্ষেত্ৰত বাখ্যা কৰি উত্তৰ বিচাৰিছে বিচাৰপীঠে।

উল্লেখ্য যে, একাংশই টুইটাৰত হিন্দু দেৱ -দেৱী সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল।

hindu delhi high court