যাৱজ্জীৱন কাৰাদণ্ডৰ মাজতে জামিন লাভ উন্নাওৰ প্ৰাক্তন বিধায়ক কুলদীপ ছেংগাৰৰ

আমি এই সিদ্ধান্তত একেবাৰেই সুখী নহয়। ছেংগাৰে মোৰ বৰদেউতাক মাৰিলে, তাৰ পিছত দেউতাক হত্যা কৰিলে আৰু শেষত মোৰ ভনীজনীৰ জীৱনটো ধ্বংস কৰিলে। এতিয়া তেওঁ বাহিৰলৈ আহিলে আমি কেনেকৈ সুৰক্ষিত অনুভৱ কৰিম?"

New Update
new ap web 4 (25)

ডিজিটেল ডেস্কঃ  উন্নাও ধৰ্ষণকাণ্ডৰ দোষী সাব্যস্ত হোৱা প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ সিং ছেংগাৰক দিল্লী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আদালতে ছেংগাৰৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি স্থগিত ৰাখি এই নিৰ্দেশ প্ৰদান কৰে।

এই খবৰ পোৱাৰ পিছতে ভুক্তভোগী পৰিয়ালটোৰ মাজত তীব্ৰ আতংক আৰু ক্ষোভ বিৰাজ কৰিছে। সংবাদ মাধ্যমৰ আগত ধৰ্ষিতাৰ ভগ্নীয়ে উচুপি কয়, "আমি এই সিদ্ধান্তত একেবাৰেই সুখী নহয়। ছেংগাৰে মোৰ বৰদেউতাক মাৰিলে, তাৰ পিছত দেউতাক হত্যা কৰিলে আৰু শেষত মোৰ ভনীজনীৰ জীৱনটো ধ্বংস কৰিলে। এতিয়া তেওঁ বাহিৰলৈ আহিলে আমি কেনেকৈ সুৰক্ষিত অনুভৱ কৰিম?"

হতাশাত ভাঙি পৰি তেওঁ আৰু কয়, "যদি তেওঁক মুক্ত কৰি দিয়া হৈছে, তেন্তে আমাকহে জে’লত ভৰাই থওঁক। অন্ততঃ কাৰাগাৰৰ ভিতৰত থাকিলেহে আমাৰ জীৱনটো সুৰক্ষিত হ’ব।"  উল্লেখ্য যে, ভুক্তভোগীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি, কুলদীপ ছেংগাৰৰ সহযোগীসকলে এতিয়াও তেওঁলোকক ভাবুকি প্ৰদান কৰি আছে।

অৱশ্যে দিল্লী উচ্চ ন্যায়ালয়ে জামিনৰ ক্ষেত্ৰত কঠোৰ চৰ্ত আৰোপ কৰিছে। ছেংগাৰক ১৫ লাখ টকাৰ ব্যক্তিগত বণ্ড দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ভুক্তভোগীৰ বাসগৃহৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰৱেশ নকৰিবলৈ সকীয়াই দিছে। তদুপৰি, ভুক্তভোগী বা তেওঁৰ পৰিয়ালক কোনো ধৰণৰ প্ৰভাৱান্বিত কৰিব নোৱাৰিব বুলিও আদালতে জানিবলৈ দিছে।

কুলদীপ সিং ছেংগাৰ