দিল্লী চৰকাৰ গঠন : ১৯ নাইবা ২০ ফেব্ৰুৱাৰীত শপত গ্ৰহণৰ সম্ভাৱনা...

দিল্লীত বিজেপিয়ে কেতিয়া গঠন কৰিব চৰকাৰ, কোনে ল’ব মুখ্যমন্ত্ৰীৰ দায়িত্ব, কেতিয়া হ’ব শপত গ্ৰহণ; সেই লৈ এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। তথাপি এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা মতে অহা ১৯ বা ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী চৰকাৰৰ শপত গ্ৰহণ পৰ্ব। 

author-image
Asomiya Pratidin
New Update
দিল্লী চৰকাৰ গঠন : ১৯ নাইবা ২০ ফেব্ৰুৱাৰীত শপত গ্ৰহণৰ সম্ভাৱনা

দিল্লী চৰকাৰ গঠন : ১৯ নাইবা ২০ ফেব্ৰুৱাৰীত শপত গ্ৰহণৰ সম্ভাৱনা

ডিজিটেল ডেস্ক : দিল্লীত বিজেপিয়ে কেতিয়া গঠন কৰিব চৰকাৰ, কোনে ল’ব মুখ্যমন্ত্ৰীৰ দায়িত্ব, কেতিয়া হ’ব শপত গ্ৰহণ; সেই লৈ এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। তথাপি এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা মতে অহা ১৯ বা ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী চৰকাৰৰ শপত গ্ৰহণ পৰ্ব। 

Advertisment

বিজেপি বিধায়িনী দলৰ বৈঠকৰ পাছতে শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰাৰ সম্ভাৱনা আছে। বিধায়িনী দলৰ বৈঠক ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’লে ইয়াৰ আশা- পাশে ১৯ বা ২০ ফেব্ৰুৱাৰীত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব বুলি সূত্ৰটোৰ পৰা জানিব পৰা গৈছে।

দিল্লীত এইবাৰ নতুন চৰকাৰে বিশুদ্ধ খোৱাপানী যোগান আৰু উন্নত নাগৰিক আন্তঃগাঁথনিৰ লগতে অন্যান্য বিষয়ক অগ্ৰাধিকাৰ প্ৰদান কৰিব বুলি বিজেপি নেতৃবৰ্গই উল্লেখ কৰে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ তথা ৰাজৌৰী গাৰ্ডেনৰ বিধায়ক মনজিন্দৰ সিং ছিৰছাৰে কয় যে, বিজেপি বিধায়িনী দলৰ বৈঠক ১৮ বা ১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব পাৰে। যদিহে সেয়া হয়, তেন্তে শপত গ্ৰহণ অনুষ্ঠানৰ পিছত ২০ ফেব্ৰুৱাৰীৰ ভিতৰত নতুন চৰকাৰ গঠন কৰা হ'ব । 

উল্লেখযোগ্য যে ২৭ বছৰৰ পিছত দিল্লীত ক্ষমতালৈ উভতি আহিছে বিজেপি । সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপি দলে মুঠ ৭০ খন আসনৰ ভিতৰত ৪৮ খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। নিৰ্বাচনৰ এই ফলাফলে কেৱল দিল্লীত গেৰুৱা দলৰ শক্তি বৃদ্ধিয়ে নহয়, এটা দশকৰো অধিক সময় ধৰি দিল্লী শাসন কৰা আম আদমি পাৰ্টীক উৎখাত কৰাটোও প্ৰমাণ কৰিলে । বিগত নিৰ্বাচনত আপে মাত্ৰ ২২ খন আসনতহে জয়ী হ'বলৈ সক্ষম হৈছিল ।

aap bjp