যধে-মধে মাচুল বৃদ্ধি কৰিব নোৱাৰিব দিল্লীৰ ব্যক্তিগত বিদ্যালয় সমূহে...

কেবিনেটে দিল্লী স্কুল শিক্ষা (মাচুল নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণত স্বচ্ছতা) বিধেয়ক, ২০২৫ গৃহীত কৰিছে। এতিয়া এই বিধেয়ক লেফটেনেণ্ট গৱৰ্ণৰ আৰু তাৰ পিছত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব। তাৰ পৰা অনুমোদন পোৱাৰ পিছত আইনত পৰিণত হ’ব। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  শিক্ষা ক্ষেত্ৰখনক লৈ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে।  এক অধ্যাদেশৰ জৰিয়তে ব্যক্তিগত বিদ্যালয়ৰ মাচুল বৃদ্ধিত নিষেধাজ্ঞা আৰোপ কৰিব চৰকাৰখনে ৷ এই বিধেয়কখন মঙলবাৰৰ কেবিনেট বৈঠকত গৃহীত হৈছে।

Advertisment

উল্লেখ্য যে, ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা নিয়ম সমূহ কাৰ্যকৰী হ’ব। উক্ত সিদ্ধান্তই দিল্লীৰ ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰা শিশুৰ অভিভাৱকসকলক কিছু সকাহ দিব বুলি চৰকাৰে আশা কৰিছে।
দিল্লী চৰকাৰৰ কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। এইখন আছিল কেবিনেটৰ অষ্টম বৈঠক।

এই সভাত সভাপতিত্ব কৰে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই। এই বৈঠকত দিল্লীৰ ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। দিল্লী চৰকাৰৰ মন্ত্ৰী আশীষ ছুদে কয় যে অধ্যাদেশৰ জৰিয়তে ব্যক্তিগত বিদ্যালয়ৰ মাচুল বৃদ্ধি বন্ধ কৰাৰ বিধেয়ক চৰকাৰে কাৰ্যকৰী কৰিব ৷

লক্ষ্যণীয় যে, কেবিনেটে দিল্লী স্কুল শিক্ষা (মাচুল নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণত স্বচ্ছতা) বিধেয়ক, ২০২৫ গৃহীত কৰিছে। এতিয়া এই বিধেয়ক লেফটেনেণ্ট গৱৰ্ণৰ আৰু তাৰ পিছত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব। তাৰ পৰা অনুমোদন পোৱাৰ পিছত আইনত পৰিণত হ’ব। 

এই আইনখন দিল্লীৰ অভিভাৱকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব বুলি চৰকাৰৰ বিশ্বাস। আইনখনে ব্যক্তিগত বিদ্যালয়ৰ মাচুল বৃদ্ধিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব। ইয়াৰ দ্বাৰা সাধাৰণ মানুহে সকাহ পাব।

 

ৰেখা গুপ্তা দিল্লী চৰকাৰ