Advertisment

যমুনাত ডুবিল কেজৰিৱাল! বিজেপিৰ কটাক্ষ...

দিল্লী নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে, সিমানেই শাসক-বিৰোধীৰ মাজত বৃদ্ধি পাইছে কথাৰ কটাকটি। শেহতীয়াকৈ নতুন দিল্লী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পৰবেশ বাৰ্মাই দলৰ সদস্যৰ সৈতে যমুনা নদীত নাও যাত্ৰা কৰি কেজৰিৱালৰ বিৰুদ্ধে প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
কেজৰিৱাল

কেজৰিৱাল Photograph: (কেজৰিৱাল)

ডিজিটেল ডেস্কঃ  দিল্লী নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে, সিমানেই শাসক-বিৰোধীৰ মাজত বৃদ্ধি পাইছে কথাৰ কটাকটি। শেহতীয়াকৈ নতুন দিল্লী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পৰবেশ বাৰ্মাই দলৰ সদস্যৰ সৈতে যমুনা নদীত নাও যাত্ৰা কৰি কেজৰিৱালৰ বিৰুদ্ধে প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী  অৰবিন্দ কেজৰিৱালক কঠোৰ সমালোচনা কৰি যমুনা নদীত গৈ বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে সাব্যস্ত কৰা প্ৰতিবাদৰ ভিডিঅ ভাইৰেল হৈছে সামাজিক মাধ্যমত।  ভিডিঅ’টোত বাৰ্মাই কেজৰিৱালৰ এটা প্ৰতিকৃতি লৈ তাত লিখি দিছে যে- মে ফেইল হো গয়া, মুঝে ভোট মাত ডেনা, ২০২৫ টাক মেইন যমুনা সাফ নাই কৰ পায়া।

যমুনা নদীক লৈ আৰম্ভ হোৱা এই ৰাজনীতি নতুন নহয়। কেজৰিৱালে যোৱা নিৰ্বাচনতে যমুনা সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিল্লীবাসীক দিছিল যদিও সেয়া বাস্তৱত হৈ উঠা নাই। যাৰ বাবে কেজৰিৱালক এই বিষয়টোক লৈ নিৰ্বাচনত তীব্ৰ কটাক্ষ কৰিছে বিজেপিয়ে। 

এই প্ৰতিবাদ সাব্যস্ত কৰা বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কয়  যে, যমুনা নদী পৰিষ্কাৰৰ মুখেৰে নহয়। ইয়াৰ বাবে যি পৰিকল্পনা কৰিব লাগে তাক লৈ ব্যৰ্থ হৈছে কেজৰিৱাল আৰু তেওঁৰ দলৰ চৰকাৰ। ইয়াৰ বাবে এক দীৰ্ঘম্য়াদী পৰিকল্পনাৰ প্ৰয়োজন। ১১বছৰে তেওঁ একো কৰিব নোৱাৰিলে। 

উল্লেখ কৰা প্ৰয়োজন যে, বিজেপিৰ নেতাগৰাকীয়ে কেজৰিৱালৰ প্ৰতিকৃতি একাধিকবাৰ যমুনা পানীত ডুবাই দিয়ে আৰু প্ৰশ্ন কৰে যে, যমুনা কেতিয়া চাফা হব?

দিল্লী