/asomiyapratidin/media/media_files/2025/02/08/dSNtvxX1EN4wtbOtmWlH.jpg)
দিল্লীৰ মুখ্যমন্ত্ৰী
ডিজিটেল ডেস্কঃ প্ৰায় ২৭বছৰৰ পাছত দিল্লীত বুকুত ফুঁলিল পদুম। বিজেপিৰ বাবে এয়া এক ঐতিহাসিক জয়। প্ৰায় ৩টা শাসনকাল আপে দিল্লী দখল কৰাৰ পাছত বিজেপিয়ে এইবাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ দিশে আগবাঢ়িছে। আপৰ সকলো ভেটিঁ নিচিহ্ন কৰি খোদ কেজৰিৱালকে পৰাজিত কৰিলে বিজেপিয়ে।
নতুন দিল্লী সমষ্টিত আপৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১২০০ৰো অধিক ভোটত পৰাস্ত কৰিলে বিজেপিৰ প্ৰাৰ্থী প্ৰৱেশ চাহিব সিঙে। কেজৰিৱালক পৰাস্ত কৰাৰ পাছতে এতিয়া বিজেপিৰ এই নেতাগৰাকীক লৈ ৰাজনৈতিক মহল তীব্ৰ চৰ্চা আৰম্ভ হৈছে।
চৰ্চা চলিছে যে, দিল্লীৰ পৰৱৰ্তী বিজেপিৰ চৰকাৰখনক নেতৃত্ব দিব প্ৰৱেশ চাহেব সিঙে। নতুন দিল্লী সমষ্টিত কেজৰিৱালক পৰাস্ত কৰাৰ পাছতে বিজেপিৰ নেতাগৰাকীয়ে পোনে পোনে সাক্ষাত কৰেগৈ অমিত শ্বাহক। অমিত শ্বাহক সাক্ষাত কৰাৰ পাছতে দিল্লীত পৰৱৰ্তী মুখ্যমন্ত্ৰী যে তেৱেঁই হ'ব, সেই কথা ছীল মোহৰ মাৰিছে একাংশই।
এতিয়া জানো আহক কোন এই প্ৰৱেশ চাহেব সিং। দিল্লীত এটা প্ৰখ্যাত ৰাজনৈতিক পৰিয়ালত জন্ম প্ৰৱেশ চাহিব সিঙৰ। তেওঁৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহেব সিং বাৰ্মাৰ পুত্ৰ। ২০১৩চনত মুণ্ডকা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিছিল প্ৰৱেশ চাহেব সিঙে।
১৯৭৭চনত জন্ম হোৱা বিজেপিৰ এই নেতাগৰাকী ব্যৱসায়িক শিক্ষাত স্নাতক। ২০১৩চনত প্ৰথমবাৰ নিৰ্বাচনত অৱৰ্তীণ হৈয়ে বিজয়ৰ হাঁহি মাৰিছিল তেওঁ। ২০২৫ৰ নিৰ্বাচনৰ পূৰ্বে 'কেজৰিৱাল হটাও, দেশ বচাওঁ' শীৰ্ষক অভিযানৰ আৰম্ভ কৰা মানুহজনেই আছিল প্ৰৱেশ চাহেব সিং। এই অভিযানত তেওঁ যমুনা নদী পৰিষ্কাৰ প্ৰসংগটোক অধিক গুৰুত্ব দিছিল।
নিজৰ কঠোৰ ৰাজনৈতিক বক্তব্যৰ বাবে জনাজাত প্ৰৱেশ চাহেব সিং বাৰ্মা। কা আন্দোলনৰ সময়তো তেওঁ প্ৰদান কৰা বক্তব্যই বেছ চৰ্চা লাভ কৰিছিল। আৰু সেইগৰাকী নেতাক দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিজেপিৰ প্ৰক্ষেপ কৰাৰ সম্ভাৱনা নথকা নহয় ।