কেজৰিৱালৰ বিপদ নিশ্চিত! দিল্লী সচিবালয়ত আপৰ নেতা-মন্ত্ৰীৰ হুৱাদুৱা...

দিল্লী নিৰ্বাচনত শাসকীয় আপে বেয়াকৈ মুখ থেকেচা খোৱাৰ পাছত দিল্লী সচিবালয়ত সৃষ্টি হৈছে হুৱাদুৱা এক পৰিৱেশৰ। আম আদমী পাৰ্টিৰ কিছু নেতা সচিবালয়লৈ সঘন আহযাহ চলিছে। শাসকীয় আপ নেতাসকলৰ সচিবালয়ৰ

author-image
Asomiya Pratidin
New Update
দিল্লী নিৰ্বাচনত

দিল্লী নিৰ্বাচনত

ডিজিটেল ডেস্কঃ দিল্লী নিৰ্বাচনত শাসকীয় আপে বেয়াকৈ মুখ থেকেচা খোৱাৰ পাছত দিল্লী সচিবালয়ত সৃষ্টি হৈছে হুৱাদুৱা এক পৰিৱেশৰ। আম আদমী পাৰ্টিৰ কিছু নেতা সচিবালয়লৈ সঘন আহযাহ চলিছে। শাসকীয় আপ নেতাসকলৰ সচিবালয়ৰ চৌহদত এই হুৱাদুৱা দেখি একাংশই সন্দেহ কৰিছে যে, সচিবালয়ত এনে সময়ত হেৰাব পাৰে বহু গুৰুত্বপূৰ্ণ ফাইল। 

Advertisment

এই আশংকা কৰিয়েই সচিবালয়ৰ প্ৰশাসনিক বিভাগৰ মুৰব্বীয়ে নিৰ্দেশ জাৰি কৰিছে যে, বিনা অনুমতিত সচিবালয়ৰ বাহিৰলৈ যাতে এখনো কাগজ কোনেও উলিয়াই নিব নোৱাৰে।

ইফালে দিল্লীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই আপৰ পৰাজয়ৰ পাছত যাতে দিল্লী সচিবালয়ত যাতে সকলো চৰকাৰী দস্তাবেজ সুৰক্ষিত হৈ থাকে তাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে মুখ্য সচিবলৈ। মুখ্য সচিবেও সচিবালয়ৰ সকলো দস্তাবেজ সুৰক্ষিত আৰু তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে সচিবালয়ৰ প্ৰশাসনিক বিভাগক।

দিল্লী সচিবালয়ৰ প্ৰশাসনিক বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি, বিনা অনুমতিত কম্পিউটাৰৰ হাৰ্ডৱেৰ, পেন ড্ৰাইভ অথবা এখনো কাগজো সচিবালয়ৰ বাহিৰলৈ যাব নালাগে। সকলো ই নথি পত্ৰৰ লগতে বাকী ফাইল সুৰক্ষিত কৰিবলৈ বিভাগীয় সকলোকে কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে। ইফালে সচিবালয়ৰ ভিতৰত কেইবাজনো মন্ত্ৰীৰ ঘনিষ্ঠই হুৱাদুৱা এক পৰিৱেশৰ সৃষ্টি কৰিছে। 

দিল্লী