/asomiyapratidin/media/media_files/2025/02/04/xoDLeGsDlrfnc7LzMm1w.jpg)
দিল্লী নিৰ্বাচন
ডিজিটেল ডেস্কঃ কাইলৈ দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। মুঠ ৭০খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হব। ১.৫০কোটি ভোটাৰে নিৰ্ণয় কৰিব ৬৯৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য। উল্লেখ কৰা প্ৰয়োজন যে, অহা ৮ফেব্ৰুৱাৰীত ঘোষণা হব এই নিৰ্বাচনৰ ফলাফল।
দিল্লী নিৰ্বাচনত মুঠ ৫টা দলে প্ৰাৰ্থী থিয় কৰাইছে। আম আদমী পাৰ্টি আৰু কংগ্ৰেছে ৭০টা সমষ্টিতে প্ৰাৰ্থিত্ব দিছে। ইয়াৰ বিপৰীতে বিজেপিয়ে ৬৮টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিজেপিয়ে বাকী দুটা সমষ্টি এৰি দিছে সহযোগী দল জে ডি ইউ আৰু এল জে পি আৰক।
ইফালে মহাৰাষ্ট্ৰত বিজেপিৰ সৈতে চৰকাৰ গঠন কৰা ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি তথা এন চি পিয়ে দিল্লীৰ ৩০টা সমষ্টিত প্ৰাৰ্থিত্ব দিছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে গোটে সকলো সমষ্টিতে বিজেপিক সমৰ্থন কৰিছে।