জুইৰ পৰা হাত সাৰিবলৈ গৈ জপিয়াই মৃত্যুমুখত পৰে পিতৃ আৰু দুই সন্তান

অগ্নিকাণ্ডৰ ফলত হঠাতে লাগে হুৱাদুৱা। এই সময়তে দুটি সন্তানৰ সৈতে এজন পিতৃয়ে তেওঁলোকৰ জীৱন ৰক্ষাৰ বাবে অট্টালিকাৰ পৰা জপিয়াই, যাৰ বাবে তিনিওৰে মৃত্যু হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মৰ্মান্তিক

মৰ্মান্তিক

ডিজিটেল ডেস্কঃ দিল্লীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। দেওবাৰে পুৱা ৰাজধানী চহৰখনৰ দ্বাৰকা ছেক্টৰ-১৩ত অৱস্থিত বহুমহলীয়া অট্টালিকা ‘ছাবাদ এপাৰ্টমেণ্ট’ৰ এটা ফ্লেটত সংঘটিত হয় অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত হঠাতে লাগে হুৱাদুৱা। এই সময়তে দুটি সন্তানৰ সৈতে এজন পিতৃয়ে তেওঁলোকৰ জীৱন ৰক্ষাৰ বাবে অট্টালিকাৰ পৰা জপিয়াই, যাৰ বাবে তিনিওৰে মৃত্যু হয়। মৃত পিতৃৰ নাম যশ যাদৱ বুলি জানিব পৰা গৈছে। ৭ মহলাৰ বেলকনিৰ পৰা পুত্ৰ আৰু কন্যাৰ সৈতে জপিয়াইছিল যশ যাদৱে।

Advertisment

এই অগ্নিকাণ্ডৰ  ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। উল্লেখযোগ্য যে, অগ্নিনিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ উদ্ধাৰৰ কাম আৰম্ভ কৰে।  ৮ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ অপ্ৰাণ চেষ্টা কৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, জুই নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত আছে আৰু সেই স্থানত অহৰহ নিৰীক্ষণ কৰা হৈছে। ইফালে কোনো ধৰণৰ উৰাবাতৰিক গুৰুত্ব নিদিবলৈও আহ্বান জনায়। 

ইফালে এই ধৰণৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। অগ্নিকাণ্ড সংঘটিত হোৱা অট্টালিকাটোত বাস কৰা লোকসকলৰ অভিযোগ অনুসৰি, যেতিয়া এপাৰ্টমেণ্ট কমিটীৰ লোকসকলক এই বিষয়ে অৱগত কৰা হৈছিল তেতিয়া তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। এই গোটেই বিষয়টোত গাফিলতি থকাৰো অভিযোগ উত্থাপন হৈছে।

 

দিল্লী