৬০লাখ টকাৰ ব্যয়েৰে নতুনকৈ সজাব মুখ্যমন্ত্ৰীৰ বাসভৱন...

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নতুন বাসভৱন ৬০ লাখ টকা ব্যয় সাপেক্ষে নতুনকৈ সজাই তোলা হ’ব। লোক নিৰ্মাণ বিভাগে ২৮ জুনত জাৰি কৰা টেণ্ডাৰত কোৱা হৈছে যে প্ৰথম পৰ্যায়ৰ সংস্কাৰত বৈদ্যুতিক সা-সৰঞ্জামৰ

New Update
JJJ

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নতুন বাসভৱন ৬০ লাখ টকা ব্যয় সাপেক্ষে নতুনকৈ সজাই তোলা হ’ব। লোক নিৰ্মাণ বিভাগে ২৮ জুনত জাৰি কৰা টেণ্ডাৰত কোৱা হৈছে যে প্ৰথম পৰ্যায়ৰ সংস্কাৰত বৈদ্যুতিক সা-সৰঞ্জামৰ উন্নীতকৰণৰ ওপৰত গুৰুত্ব দিয়া হ’ব। এই কামৰ খৰচ ৬০ লাখ টকা আৰু সম্পূৰ্ণ হ’বলৈ ৬০ দিন লাগিব।

ইয়াৰ অংশ হিচাপে ১৪টা নতুন এয়াৰ কণ্ডিচনাৰ, ১০টা এলইডি ফ্লাড লাইট, তিনিটা ডাঙৰ চেণ্ডেলিয়াৰ, দেৱালত লগোৱা পোহৰৰ ব্যৱস্থা, আৰু এটা বৈদ্যুতিক চিমনি স্থাপন কৰা হ’ব। ইয়াৰ উপৰি ২৩ খন শক্তি সঞ্চয়ী ছিলিং ফেন, ১৬খন দেৱাল ফেন আৰু ২৪টা এয়াৰ কণ্ডিচনাৰ স্থাপনৰ পৰিকল্পনা আছে।

কেৱল এয়াৰ কণ্ডিচনাৰৰ খৰচ ১১.১১ লাখ টকা। পিডব্লিউডিয়ে ৪ জুলাইত ইয়াৰ নিবিদা মুকলি কৰিব। পৰৱৰ্তী পৰ্যায়ত বাংলোৰ কাষৰীয়া কেম্প অফিচৰ সংস্কাৰ আৰু অতিৰিক্ত নিৰ্মাণ কাৰ্যৰ বাবে পৃথক টেণ্ডাৰ জাৰি কৰা হ’ব।

দিল্লী