ভাগ্য সুপ্ৰসন্ন ! দিল্লী দলত অন্তৰ্ভুক্ত বাংলাদেশৰ মুস্তাফিজুৰ

ভাগ্য সুপ্ৰসন্ন হৈছে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানৰ। চলিত আই পি এলত প্ৰথমগৰাকী বাংলাদেশী ক্ৰিকেটাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে তাৰকা বলাৰগৰাকীক।

author-image
Asomiya Pratidin
New Update
ল্লী দলত অন্তৰ্ভুক্ত বাংলাদেশৰ মুস্তাফিজুৰ

ল্লী দলত অন্তৰ্ভুক্ত বাংলাদেশৰ মুস্তাফিজুৰ

ডিজিটেল ডেস্ক : ভাগ্য সুপ্ৰসন্ন হৈছে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানৰ। চলিত আই পি এলত প্ৰথমগৰাকী বাংলাদেশী ক্ৰিকেটাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে তাৰকা বলাৰগৰাকীক। 

অতি শেহতীয়াকৈ তেওঁক দেখা পোৱা যাব দিল্লী কেপিটেলছ দলত। মুস্তাফিজুৰক অষ্ট্ৰেলিয়াৰ জেক ফ্ৰেচাৰ মাৰ্কগ্ৰুকৰ বিকল্প হিচাপে ক্ৰয় কৰিছে দিল্লী ফ্ৰেন্সাইজীয়ে। 

উল্লেখযোগ্য যে, ভাৰত- পাকিস্তানৰ শেহতীয়া পৰিস্থিতিৰ মাজতে দিল্লীয়ে ক্ৰয় কৰিছে বাংলাদেশৰ তাৰকা বলাৰগৰাকীক। কিয়নো দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ফলত এসপ্তাহৰ বাবে স্থগিত ৰখা হৈছিল আই পি এল। 

এই সময়ছোৱাত ভালেকেইগৰাকী বিদেশী ক্ৰিকেটাৰে ইতিমধ্যে স্বদেশলৈ ৰাওনা হৈছে। তাৰ মাজতে অষ্ট্ৰেলিয়াৰ জেক ফ্ৰেচাৰেও দিল্লী কেপিটেলছৰ শিবিৰ এৰি স্বদেশলৈ উৰা মাৰিছে। সেয়েহে মুস্তাফিজুৰক শেহতীয়াকৈ ক্ৰয় কৰে দিল্লী কেপিটেলছে।

ipl