/asomiyapratidin/media/media_files/2025/07/12/nnkll-2025-07-12-10-26-31.jpg)
ডিজিটেল ডেস্কঃ দিল্লীৰ ৱেলকাম এলেকাত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ৱেলকাম এলেকাৰ ছিলামপুৰ ইডগাহ ৰোডত এটা চাৰি মহলীয়া অট্টালিকা ভাঙি ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। ধ্বংসাৱশেষৰ তলত ১২ জন লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। বৰ্তমান ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে। সৌভাগ্যক্ৰমে এতিয়ালৈকে কোনো লোকে প্ৰাণ হেৰুৱা নাই।
ইতিমধ্যে ধ্বংসাৱশেষৰ পৰা ৪ জন লোকক উলিয়াই আনি ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ তথ্যমতে, ছিলমপুৰৰ জনতা কলনীৰ ৫ নং গলীত ৪ মহলীয়া অট্টালিকা ভাঙি যায়। খবৰ অনুসৰি, ৩০-৩৫ গজত এই অট্টালিকাটো নিৰ্মাণ কৰা হৈছিল।
ইফালে, অঞ্চলটোত জনসংখ্যা ঘন হোৱাৰ বাবে উদ্ধাৰ অভিযানত অসুবিধাৰ সৃষ্টি হৈছে। অঞ্চলটোত বৰ্তমানেও উদ্ধাৰৰ কাম চলি আছে। ঘটনাস্থলীত আৰক্ষী বিভাগৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ ৭ খন বাহন উপস্থিত আছে।
অৱশ্যে, অট্টালিকাটো কি কাৰণত ভাঙি পৰিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। এই ভৱনটো অতি পুৰণি আৰু জৰাজীৰ্ণ আছিল বুলি স্থানীয় লোকে মন্তব্য কৰিছে। ইফালে এতিয়াও একাংশ লোক ধ্বংসাৱশেষৰ তলতে আবদ্ধ হৈ থকাৰ কথা আশংকা কৰা হৈছে।