Advertisment

আৰম্ভ হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ...

ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সষ্টম হৈ আছে প্ৰশাসনীয় ব্যৱস্থা । নিৰ্বাচনী আয়োগে ভোটাৰসকলক নিৰ্ভয়ে ভোটদান কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে।  

author-image
Asomiya Pratidin
New Update
00

ডিজিটেল ডেস্কঃ ২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। বুধবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । এই নিৰ্বাচনত আম আদমী পাৰ্টি (AAP), ভাৰতীয় জনতা পাৰ্টি (BJP) আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত ত্ৰিপাক্ষিক যুদ্ধৰ সৃষ্টি হৈছে। দিল্লীৰ ৭০খন বিধানসভা আসনৰ বাবে নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছে আপ, কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ।  

Advertisment

এই নিৰ্বাচনত আপ দলে নিজৰ বৰ্তমানৰ চৰকাৰৰ কাম-কাজ আৰু উন্নয়নমূলক আঁচনিসমূহৰ ওপৰত গুৰুত্ব দিছে, আনহাতে বিজেপিয়ে দিল্লীৰ উন্নয়নৰ বাবে নতুন দিশৰ প্ৰতিশ্ৰুতি দিছে। কংগ্ৰেছে আকৌ দিল্লীৰ ৰাইজক নতুন আশাৰ সন্ধান দিবলৈ চেষ্টা কৰিছে।  

ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সষ্টম হৈ আছে প্ৰশাসনীয় ব্যৱস্থা । নিৰ্বাচনী আয়োগে ভোটাৰসকলক নিৰ্ভয়ে ভোটদান কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে।  

উল্লেখযোগ্য যে দিল্লীৰ ৰাজনৈতিক পৰিৱেশ এইবাৰ অতি উত্তপ্ত, কিয়নো প্ৰতিটো পাৰ্টিয়েই নিজৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ পূৰা শক্তিৰে প্ৰচাৰ চলাইছে। নিৰ্বাচনৰ ফলাফলে দিল্লীৰ ৰাজনৈতিক দিশ সলনি কৰিব পাৰে বুলি বিশ্লেষকসকলে কৈছে।  

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে  ৰাইজৰ মাজত এইবাৰ যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশ ল'বলৈ ভোট কেন্দ্ৰত ভিৰ কৰিছেহি ভোটাৰসকলে । আজি সন্ধিয়া ৬ বজালৈ চলিব দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম আৰু একমাত্ৰ পৰ্যায়ৰ ভোটগ্ৰহণ । সমান্তৰালভাৱে ৮ ফ্ৰেৱ্ৰুৱাৰীত নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ ফলাফল ।

নিৰ্বাচন দিল্লী বিধানসভা