/asomiyapratidin/media/media_files/2025/02/23/KD3UHFThCY3uvrnCagib.jpg)
ডিজিটেল ডেস্কঃ দিল্লী বিধানসভাত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী আৰু বিৰোধী নেতাৰ ভূমিকাত দেখা যাব দুই মহিলাক। দিল্লীত সোমবাৰৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ অধিৱেশন। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে আম আদমি পাৰ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীক বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে।
আপ নেতা সঞ্জীৱ ঝাই বিৰোধী দলৰ নেতাৰ ভূমিকাৰ বাবে আতিশীৰ নাম প্ৰস্তাৱ কৰিছিল। সেই সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল। দৰাচলতে আপে দেওবাৰে বিধায়িনী দলৰ বৈঠক আহ্বান কৰি আগন্তুক বিধানসভাৰ অধিৱেশনৰ কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰিছিল। এই বৈঠক দিনৰ প্ৰায় ১ বজাৰ পৰা আপৰ মুখ্য কাৰ্যালয়ত আৰম্ভ হয়।
বৈঠকৰ সময়ত দিল্লী বিধানসভাত বিৰোধী দলৰ নেতা সন্দৰ্ভত সিদ্ধান্ত লোৱা হয় আৰু এই দায়িত্ব আতিশীৰ হাতত অৰ্পণ কৰে। উল্লেখ্যযোগ্য় যে, তিনিদিন ধৰি চলিবলগীয়া বিধানসভাৰ অধিৱেশনত অধ্যক্ষ আৰু উপ অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে অৰবিন্দৰ সিং লাভলীয়ে প্ৰটেম অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব।
লক্ষণীয় যে, ২৪ ফেব্ৰুৱাৰীৰ দিনৰ ২ বজাত বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। তিনিবাৰৰ বিধায়ক বিজেন্দ্ৰ গুপ্তাক বিজেপিয়ে পৰৱৰ্তী বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে।