পঞ্জাৱৰ দায়িত্বত মনীষ ছিচ’দিয়া, দিল্লী-গুজৰাট-গোৱা সন্দৰ্ভতো ডাঙৰ সিদ্ধান্ত

আম আদমী পাৰ্টিয়ে দিল্লীৰ সভাপতি হিচাপে নিযুক্তি দিয়ে প্ৰাক্তন বিধায়ক সৌৰভ ভৰদ্বাজক। প্ৰাক্তন মন্ত্ৰী গোপাল ৰায়ৰ ঠাইত নিযুক্তি দিয়ে ভৰদ্বাজক। গোপাল ৰায়ক দিয়া হল গুজৰাটৰ দায়িত্ব। ইফালে মনীষ ছিচ’দিয়াক আপে পঞ্জাৱৰ ইনচাৰ্জ হিচাপে দায়িত্ব অৰ্পণ কৰিছে

author-image
Asomiya Pratidin
New Update
আপে সলনি কৰিছে ৰণনীতি

আপে সলনি কৰিছে ৰণনীতি

ডিজিটেল ডেস্ক: দিল্লী বিধানসভা নিৰ্বাচনৰ পিছতে ৰাজনৈতিক ৰণনীতি সলনি কৰিছে আম আদমী পাৰ্টিয়ে। শুকুৰবাৰে আম আদমী পাৰ্টিয়ে দিল্লীৰ সভাপতি হিচাপে নিযুক্তি দিয়ে প্ৰাক্তন বিধায়ক সৌৰভ ভৰদ্বাজক। প্ৰাক্তন মন্ত্ৰী গোপাল ৰায়ৰ ঠাইত নিযুক্তি দিয়ে ভৰদ্বাজক। আনহাতে গোপাল ৰায়ক দিয়া হল গুজৰাটৰ দায়িত্ব। ইফালে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াক আপে পঞ্জাৱৰ ইনচাৰ্জ হিচাপে দায়িত্ব অৰ্পণ কৰিছে। প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনক পঞ্জাৱৰ ডেপুটি ইনচাৰ্জ হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে জম্মু-কাশ্মীৰত মেহৰাজ মালিকক ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছে আপে। তেওঁ ৰাজ্যৰ একমাত্ৰ আৰু প্ৰথমজন আপৰ বিধায়ক।

Advertisment

আনহাতে ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠকক ছত্তীশগড়ৰ দায়িত্বত নিযুক্তি দিয়া হৈছে। ইফালে পংকজ গুপ্তাক দিয়া হয় গোৱাৰ দায়িত্ব। তেওঁৰ লগতে অংকুশ নৰং, আভাস চন্দেলা আৰু দীপক চিংলাক সহ-প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখযোগ্য় যে, দিল্লী বিধানসভাৰ নিৰ্বাচনত পৰাজয়ৰ পিছৰে পৰা সংগঠনটোৰ নেতৃত্ব আৰু অন্যান্য পৰিৱৰ্তনক লৈ বিভিন্ন চিন্তা-চৰ্চা চলিছিল। আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আম আদমি পাৰ্টিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত উপস্থিত থাকে দলটোৰ সাধাৰণ সম্পাদক সন্দীপ পাঠক, মনীষ ছিচ’দিয়া, গোপাল ৰায়, প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশী, বিধায়ক ইমৰাণ হুছেইন, পংকজ গুপ্তা, সাংসদ এন ডি গুপ্তা আৰু ৰাঘৱ চাদ্ধা ।

aam aadmi party aap AAP meeting aam admi party