দিল্লীৰ জলসংকটঃ উপায়হীন দিল্লীৰ মন্ত্ৰী পৰিষদ...

দিল্লীৰ জলসংকটত কেন্দ্ৰৰ পৰাও কোনো সহায় পোৱা নাই আপৰ মন্ত্ৰীমণ্ডলে...

author-image
Asomiya Pratidin
New Update
দিল্লীৰ জলসংকটঃ উপায়হীন দিল্লীৰ মন্ত্ৰী পৰিষদ...

ডিজিটেল ডেস্কঃ দিল্লীত জলসংকট অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত অনশনত বহিছে দিল্লীৰ জলমন্ত্ৰী অতিশী মাৰ্লেনা। অনশন স্থলীৰ পৰা সোমবাৰে সংবাদ মাধ্যমক সম্বোধন কৰে আপৰ মন্ত্ৰীসকলে। সংবাদমেলত আপৰ মন্ত্ৰী গোপাল ৰায়ে কয় যে, দিল্লীৰ পানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেজৰিৱালৰ নেতৃত্বত দিল্লী চৰকাৰে অহৰ্নিশে কাম কৰি আছে।কেজৰিৱাল চৰকাৰে নতুন পাইপলাইন প্ৰদান কৰা লগতে অপ্ৰাধিকৰণ অঞ্চল সমূহত পানীৰ যোগা ধৰিছে। দিল্লীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে গৰম। তীব্ৰ গৰমৰ প্ৰকোপত দিল্লীবাসীৰ গতানুগতিক জীৱন দুৰ্বিষহ হৈ পৰিছে। পানীৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে।

Advertisment

লগতে কয় যে, ৩০ বছৰ পূৰ্বে দিল্লীৰ জনসাধাৰণৰ বাবে পানীৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছিল। তেতিয়া দিল্লীৰ জনসংখ্যা ১ কোটি আছিল। সেই অনুপাতে আজিও দিল্লীক পানী যোগান ধৰা হয় য'ত ৩০ বছৰ পাছত দিল্লীৰ জনসংখ্যা ৩ কোটি হৈছে।

পানীৰ প্ৰয়োজনীয়তা বাঢ়ি যোৱা লগে লগে হাৰিয়ানা চৰকাৰে দিল্লীৰ পৰা ১০০ এম জি ডি পানী কৰ্তন কৰিছে। এই সন্দৰ্ভত আমি সকলোৰে পৰা সহায় বিচাৰিছো। হাৰিয়ানা চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ জলমন্ত্ৰী, আদালতৰ লগতে প্ৰধানমন্ত্ৰী মোডী পৰ্যন্ত আমি সহায় বিচাৰিছো যদিও এই পৰ্যন্ত কোনো পক্ষৰ পৰা কোনো ধৰণৰ সহায় পোৱা নাই বুলিও সংবাদ মেলত উল্লেখ কৰে মন্ত্ৰী ৰায়ে।

অৱশেষত আজি জলসংকট সন্দৰ্ভত দিল্লীৰ মন্ত্ৰীমণ্ডলে দুটা সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সমস্যা সমাধানৰ বাবে প্ৰধানমন্ত্ৰী মোডীলৈ পত্ৰ প্ৰেৰণ কৰিব দিল্লীৰ মন্ত্ৰীমণ্ডলে।

আনহাতে এই সন্দৰ্ভত হাৰিয়ানাৰ উপ ৰাজ্যপালকো সাক্ষাৎ কৰিছিল দিল্লীৰ মন্ত্ৰীসকলে। হাৰিয়ানাই দিল্লীক নিৰন্তৰ পানী যোগান ধৰি থকা বুলি কৈ সিমানতে আলোচনা সামৰে ৰাজ্যখনৰ উপ ৰাজ্যপালে।

সেয়ে শীঘ্ৰে হাৰিয়ানাৰ উপ ৰাজ্যপালগৰাকীক লগত লৈ ৱাজিৰাবাদ ট্ৰিটমেণ্ট প্লেণ্ট পৰিদৰ্শনৰ অনুমতি বিচাৰছি দিল্লীৰ মন্ত্ৰী সকলে। ৱাজিৰাবাদ ট্ৰিটমেণ্ট প্লেণ্টত নদীখনৰ স্থিতি পৰ্যবেক্ষণ কৰিব দিল্লীৰ মন্ত্ৰীসকলে।

Delhi aap aap ministers press meet