/asomiyapratidin/media/media_files/2025/06/16/3tAKVDI5CIV0VzQJiMja.jpg)
ডিব্ৰুগড়ৰ টিনঠেঙীয়া বনাঞ্চলত বনধ্বংস যজ্ঞ
ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ জৈৱ-বৈচিত্ৰৰে ভৰপূৰ ডিব্ৰুগড়ৰ টিনঠেঙীয়া বনাঞ্চল এতিয়া বনদস্যুৰ ৰম্যভূমিত পৰিণত হৈছে। গছ কাটি ঘন জংঘলৰ মাজতেই মূল্যৱান কাঠৰ চোৰাং ব্যৱসায় ঘাটিত পৰিণত বনাঞ্চলখন। সাংবাদিকৰ ষ্টিং অপাৰেচনত বনাঞ্চলখনত সংঘটিত হৈ থকা এই দুস্কাৰ্য পোহৰলৈ আহিছে।
উল্লেখযোগ্য যে, বিয়াগোম বন বিভাগৰ বিষয়া কৰ্মচাৰী থকাৰ পাছতো দিন-দুপৰতে বনাঞ্চলত থকা মূল্যবান গছ কাটি নি:শেষ কৰিবলৈ চেষ্টা চলাইছে দুস্কৃতিকাৰীয়ে। পিছে ইমানৰ পাছতো দেখিও নেদেখাৰ ভাও বন বিষয়াৰ। ২৩১.৭ বৰ্গকিলোমিটাৰ আৱৰি থকা বনাঞ্চলখনৰ বহু মূল্যৱান গছ কাটি তহিলং কৰিছে বন মাফিয়াই। যাৰবাবে বন মাফিয়া সৈতে বন বিভাগৰ বিষয়া-কৰ্মচাৰী লগত বৃহৎ অংক ধনৰ লেনদেন হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। সময় থাকোতেই বনাঞ্চলত অব্যাহত থকা অবৈধ বনধ্বংসৰ কৰা কাৰ্যক প্ৰতিহত কৰিবলৈ চৰকাৰক উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমীয়ে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us