Advertisment

২০১৫ বিত্তীয় বৰ্ষৰ পৰা দেশৰ প্ৰতিৰক্ষা উৎপাদন ২.৬গুণ বৃদ্ধি...

প্ৰতিৰক্ষা উৎপাদন বৃদ্ধিয়ে দেশৰ ৰপ্তানিৰ হাৰো বৃদ্ধি কৰিছে । ভাৰত এতিয়া প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ৰপ্তানিকাৰক দেশ হৈ পৰিছে। ২৪ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ২১,০৮৩ কোটি টকা হয়।  যিটো পূৰ্বৰ বছৰৰ তুলনাত ৩৩ শতাংশ বেছি । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  ভাৰতে লোৱা আত্মনিৰ্ভৰশীলতাৰ পদপেক্ষৰ ফলস্বৰুপে দেশত বৃদ্ধি পাইছে দেশৰ প্ৰতিৰক্ষা খণ্ডৰ উৎপাদন ।  সশস্ত্ৰ বাহিনীৰ বাবে প্ৰতিৰক্ষা সঁজুলিৰ স্বাৱলম্বীতাৰ দিশত ভাৰতে লাভ কৰিছে ইতিবাচক সঁহাৰি ।  যোৱা দশকত দেশৰ প্ৰতিৰক্ষা উৎপাদন বৃদ্ধি পাইছে । বিত্তীয় বৰ্ষ ২০১৫ ত ৪৬,৪২৯ কোটি টকাৰ তুলনাত দুগুণতকৈ বৃদ্ধি পাইছে প্ৰতিৰক্ষা খণ্ডৰ উৎপাদন ।

Advertisment

মানিকণ্ট্ৰ’লৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০২৯ চনৰ ভিতৰত দেশখনে ৩ লাখ কোটি টকা প্ৰতিৰক্ষা উৎপাদনৰ লক্ষ্য লোৱাৰ বাবে কভিডৰ পিছত বৃদ্ধিৰ গতি আৰু অধিক বাঢ়িছে। ২০২৩-২৪ চনত প্ৰতিৰক্ষা উৎপাদন ১.২৭ লাখ কোটি টকা হৈছিল আৰু চলিত বিত্তীয় বৰ্ষত ১.৬ লাখ কোটি টকা স্পৰ্শ কৰিব বুলি আশা প্ৰকাশ কৰিছে ।

২০১৯-২০ চনৰ পৰা ২০২৩-২৪ চনৰ ভিতৰত প্ৰতিৰক্ষা উৎপাদন ১২ শতাংশ চক্ৰীয় হাৰত বৃদ্ধি পাইছে । এই বৃদ্ধি চৰকাৰৰ প্ৰথম কাৰ্যকালত হোৱা বৃদ্ধিৰ তুলনাত বেছি ।

১৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত বিকশিত আৰু ডিজাইন কৰা তিনিটা ডাঙৰ নৌসেনাৰ যুঁজাৰুবাহনৰ কথা উল্লেখ কৰিছিল । ইয়াৰে আই এন এছ চুৰাটৰ তিনি চতুৰ্থাংশ  থলুৱা উৎসৰ পৰা পোৱা যায়। আনহাতে আই এন এছ নীলগিৰীৰ ডিজাইন ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ডিজাইন ব্যুৰোৱে কৰিছে।

উল্লেখযোগ্য যে প্ৰতিৰক্ষা উৎপাদন বৃদ্ধিয়ে দেশৰ ৰপ্তানিৰ হাৰো বৃদ্ধি কৰিছে । ভাৰত এতিয়া প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ৰপ্তানিকাৰক দেশ হৈ পৰিছে। ২৪ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ২১,০৮৩ কোটি টকা হয়।  যিটো পূৰ্বৰ বছৰৰ তুলনাত ৩৩ শতাংশ বেছি । 

প্ৰতিৰক্ষা মন্ত্ৰণালয়