১,৯১৭ কোটি টকাৰ চুক্তি স্বাক্ষৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ...

পুনৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সশস্ত্ৰ বাহিনীৰ বাবে চফটৱেৰ ডিফাইন ৰেডিঅ’ আৰু ৰাফ টেৰেইন ফৰ্কলিফ্ট ট্ৰাক ক্ৰয়ৰ বাবে ১৯১৭ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰে।

author-image
Asomiya Pratidin
New Update
BVVBVB

ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত যথেষ্ট উন্নয়ন হোৱা পৰিলক্ষিত হৈছে। ন ন সংযোজনে শক্তিশালী কৰিছে বিভাগটোক। বৃহস্পতিবাৰে পুনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সশস্ত্ৰ বাহিনীৰ বাবে চফটৱেৰ ডিফাইন ৰেডিঅ’ আৰু ৰাফ টেৰেইন ফৰ্কলিফ্ট ট্ৰাক ক্ৰয়ৰ বাবে ১৯১৭ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰে।

Advertisment

প্ৰতিৰক্ষা সচিব আৰ কে সিঙৰ উপস্থিতিত প্ৰতিৰক্ষা পিএছইউ ভাৰত ইলেক্ট্ৰনিকছৰ সৈতে স্বাক্ষৰিত ১২২০ কোটি টকাৰ চুক্তিৰ অধীনত ক’ষ্ট গাৰ্ডে ১৪৯টা চফটৱেৰ ডিফাইন ৰেডিঅ’ লাভ কৰিব, যিয়ে তীব্ৰবেগী তথ্য আৰু ভইচ কমিউনিকেচনক সুৰক্ষা আৰু নিৰ্ভৰযোগ্য তথ্য-বিনিময় প্ৰদান কৰিব।

ইয়াৰোপৰি বিভাগটোৱে মুঠ ৬৯৭.৩৫ কোটি টকাৰ ১৮৬৮টা আৰটিএফএলটিৰ আন এখন চুক্তি এচিই লিমিটেড আৰু জেচিবি ইণ্ডিয়া লিমিটেডৰ সৈতে স্বাক্ষৰ কৰিছে। এই সঁজুলিবিধেও যুদ্ধ ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় কৰিব বুলি উল্লেখ কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। 

প্ৰতিৰক্ষা মন্ত্ৰণালয়