ডিজিটেল ডেস্কঃ মঙলবাৰে প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে ২১,৭৭২ কোটি টকাৰো অধিক মূল্যৰ ব্যয় সাপেক্ষে ৫টা বৃহৎ প্ৰতিৰক্ষা প্ৰকল্পত অনুমোদন জনাইছে কেন্দ্ৰই। লগতে ১২০খন ফাষ্ট ইন্টাৰচেপ্টৰ ক্ৰাফ্ট (এফআইচি-১) ক্ৰয়ৰ বাবেও AoN প্ৰদান কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে।
এই প্ৰকল্পসমূহৰ ভিতৰত আছে ক্ৰমে- ৩১টা নতুন ৱাটাৰ জেট ফাষ্ট এটেক ক্ৰাফ্ট (NWJFACs), 120 দ্ৰুত ইন্টাৰচেপ্টৰ ক্ৰাফ্ট (FIC-1), ইলেক্ট্ৰনিক যুদ্ধ ছুইট (EWS), ৬ টা এডভান্সড লাইট হেলিকপ্টাৰ (ALH)।
এই প্ৰকল্পসমূহৰ জৰিয়তে ভাৰতীয় নৌসেনা আৰু বায়ুসেনাৰ শক্তি দুগুণে বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে।
এক চৰকাৰী বিবৃতিত প্ৰকাশ কৰা অনুসৰি, এই সামগ্ৰী সমূহ উপকূলৰ ওচৰত কম তীব্ৰতাসম্পন্ন সামুদ্ৰিক অভিযান, চোৱাচিতা, টহল, অনুসন্ধান আৰু উদ্ধাৰ (SAR) অভিযানৰ কাম সম্পন্ন কৰিবলৈ ডিজাইন কৰা হৈছে।
ইয়াৰ উপৰিও এই জাহাজসমূহে বিশেষকৈ আমাৰ দ্বীপ ভূখণ্ড আৰু ইয়াৰ আশে-পাশে এন্টি-পাইৰেচি অভিযানত ফলপ্ৰসূ ভূমিকা পালন কৰিব।
প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে ১২০খন ফাষ্ট ইন্টাৰচেপ্টৰ ক্ৰাফ্ট (এফআইচি-১) ক্ৰয়ৰ বাবেও AoN প্ৰদান কৰে। এই জাহাজসমূহ বিমানবাহী জাহাজ, ধ্বংসকাৰী, ফ্ৰিগেট আৰু চাবমেৰিনৰ দৰে উচ্চ মূল্যৰ ইউনিটসমূহক সুৰক্ষা প্ৰদান কৰাকে ধৰি একাধিক ভূমিকা পালন কৰিবলৈ সক্ষম।
ছু-৩০ এমকেআই বিমানৰ বাবে এক্সটাৰ্নেল এয়াৰবৰ্ণ চেল্ফ প্ৰটেকচন জেমাৰ পড, নেক্সট জেনেৰেচন ৰাডাৰ ৱাৰ্নিং ৰিচিভাৰ আৰু সংশ্লিষ্ট সঁজুলিৰে গঠিত ইলেক্ট্ৰনিক ৱাৰফেয়াৰ ছুইট (ইডব্লিউএছ) ক্ৰয়ৰ বাবে কেন্দ্ৰই AoN প্ৰদান কৰে।
উপকূলীয় অঞ্চলসমূহত উপকূলীয় নিৰাপত্তা আৰু চোৰাং চোৱাগিৰি শক্তিশালী কৰাৰ বাবে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বাবে ছখন এডভান্সড লাইট হেলিকপ্টাৰ (এ এল এইচ) এম (এম আৰ) ক্ৰয়ৰ বাবেও পৰিষদে AoN প্ৰদান কৰে।