মনহা কছাৰী গাঁৱত হৰিণ উদ্ধাৰ

গাঁওখনৰ কুকিল ডেকাৰ ঘৰত নিৰাপদ অৱস্থাত আছে হৰিণটো। পুৱাৰে পৰা গাঁওখনৰ আশে পাশে বিচৰণ কৰি আছিল যদিও ক'ৰ পৰা কেনেকৈ আহিল, সেই তথ্য নাই কাৰো হাতত।

author-image
Asomiya Pratidin
New Update
পুুিিিিিিিিিিি

ডিজিটেল সংবাদ,মায়ং:  মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত মনহা কছাৰীগাৱত কিছু সময়ৰ পূৰ্বে এটা হৰিণ উদ্ধাৰ হয়। গাঁওখনৰ কুকিল ডেকাৰ ঘৰত নিৰাপদ অৱস্থাত আছে হৰিণটো। পুৱাৰে পৰা গাঁওখনৰ আশে পাশে বিচৰণ কৰি আছিল যদিও ক'ৰ পৰা কেনেকৈ আহিল, সেই তথ্য নাই কাৰো হাতত।

অৱশ্যে হৰিণটোৰ এখন ঠেং অসুস্থ হৈ থকা বুলি জানিব পৰা গৈছে। মৰিগাঁও বন বিভাগক খবৰ দিয়া হৈছে হৰিণটো লৈ যাবলৈ। খবৰ পাই বন বিভাগৰ দল এটা ৰাওনা হৈছে মনহা কছাৰী গাঁৱলৈ। ইফালে হৰিণটো চাবলৈ উক্ত স্থানত যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে।

হৰিণা উদ্ধাৰ