চতিয়াত হৰিণা উদ্ধাৰ...

আজি চতিয়াৰ কলাকাটি গাঁওখনৰ হজৰত আলি নামৰ লোকজনৰ ঘৰৰ উদ্ধাৰ হয় পহুটো ৷ লোকজনৰ ঘৰৰ চোতালত পৰিয়ালৰ লোকে পহুটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷ 

author-image
Asomiya Pratidin
New Update
xcx

ডিজিটেল সংবাদ,চতিয়া:  চতিয়াৰ দক্ষিণ অঞ্চলৰ কলাকাটী গাঁৱত আজি এটা হৰিণা উদ্ধাৰ হয়। কলাকাটি গাঁওখনৰ হজৰত আলি নামৰ লোকজনৰ ঘৰৰ উদ্ধাৰ হয় পহুটো ৷ লোকজনৰ ঘৰৰ চোতালত পৰিয়ালৰ লোকে পহুটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷ 

পিছত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ এক সজাতি দল উপস্থিত হৈ হৰিণা পহুটো উদ্ধাৰ কৰি লৈ যায়।উল্লেখ্য যে খাদ্যৰ সন্ধানত পহুটো কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা জনাঞ্চলত প্ৰবেশ কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷

চতিয়া