বঢ়মপুৰত মৃত হৰিণা উদ্ধাৰ

মৃত হৰিণাজনী প্ৰত্যক্ষ কৰি লোকসকল ব্যথিত হয়।  পিছত ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ হৰিণা জনী উদ্ধাৰ কৰি নগাঁও সংমণ্ডল বন বিভাগৰ কাৰ্যালয়লৈ আনে।

author-image
Asomiya Pratidin
New Update
পাঠশালাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান সৃষ্টিৰ উদ্যোগত আয়োজন কৰা চতুৰ্থ বাৰ্ষিক গ্ৰন্থমেলাৰ সফল সামৰণি...

ডিজিটেল সংবাদ, বঢ়মপুৰ: নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ইটাচালি আৰক্ষী এলেকাধীন বঢ়মপুৰত আজি পুৱা এটা মৃত হৰিণা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, বঢ়মপুৰ উন্নয়ন খণ্ডৰ সমীপত  থকা ৰাজহুৱা শ্মশানত মৃত হৰিণাজনী উদ্ধাৰ হয়।

Advertisment

এই খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বহু লোকৰ সমাগম হয়। মৃত হৰিণাজনী প্ৰত্যক্ষ কৰি লোকসকল ব্যথিত হয়।  পিছত ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ হৰিণা জনী উদ্ধাৰ কৰি নগাঁও সংমণ্ডল বন বিভাগৰ কাৰ্যালয়লৈ আনে।

স্থানীয় লোকে সন্দেহ কৰা মতে নিশা কোনো লোকৰ বাহনৰ খুন্দাত হৰিণাজনীৰ মৃত্যু হয়। কি পৰিস্থিতিত কেনেকৈ হৰিণাজনী জনবসতি এলেকালৈ আহিল সেয়া জানিব পৰা হোৱা নাই। প্ৰকৃতি প্ৰেমী সংগঠনে হৰিণাজনীৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে এই ঘটনাৰ উচিত পৰ্যায়ৰ তদন্ত কৰিবলৈ বনবিভাগক দাবী জনাইছে।

হৰিণা উদ্ধাৰ