/asomiyapratidin/media/media_files/2025/07/25/zxzxzxzx-2025-07-25-19-56-55.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ দীপজ্যোতি ইণ্ডিয়া ফাউণ্ডেচনে ফ্লেগশ্বিপ ইনিচিয়েটিভ সম্পূৰাৰ অধীনত আৰু ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান (এছ আৰ এল এম)ৰ সহযোগত মহিলাসকলৰ বাবে এক স্বাস্থ্য সজাগতা শিবিৰৰ আয়োজন কৰে। পানীখাইটিত অনুষ্ঠিত এই অনুষ্ঠানত ওচৰৰ গ্ৰাম্য অঞ্চলৰ পৰা প্ৰায় ৬০ গৰাকী মহিলাই এই সজাগতা শিবিৰত অংশগ্ৰহণ কৰে।
এই শিবিৰত ডাউনটাউন হাস্পতালৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ প্ৰিয়ংকা ৰয়ৰ নেতৃত্বত বিষয়বস্তু সন্দৰ্ভত তথ্যসমৃদ্ধ বিশ্লেষণ কৰা হয়। ডাঃ ৰয়ে ঋতুস্ৰাৱৰ সময়ত স্বাস্থ্য, ছাৰ্ভাইকেল কেন্সাৰ সজাগতা, সঠিক পুষ্টি, আৰু ৰক্তহীনতা প্ৰতিৰোধকে ধৰি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে।
আনহাতে, দীপজ্যোতি ইণ্ডিয়া ফাউণ্ডেশ্যনৰ প্ৰগ্ৰেম ডাইৰেক্টৰ অমৃতা বৰকটকীয়ে ডায়েৰিয়া প্ৰতিৰোধ সন্দৰ্ভত বক্তব্য প্ৰকাশ কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পদ্ধতি আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱহাৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
দীপজ্যোতি ইণ্ডিয়া ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক দীপজ্যোতি গাৰ্গৰ নেতৃত্বত অনুষ্ঠিত এই শিবিৰত স্থায়ী সজাগতা আৰু প্ৰচাৰৰ পদক্ষেপৰ জৰিয়তে গ্ৰাম্য মহিলাসকলৰ সামগ্ৰিক উন্নয়ন আৰু স্বাস্থ্য সৱলীকৰণৰ বাবে ফাউণ্ডেশ্যনৰ নিষ্ঠাক পুনৰ দৃঢ়তাৰে প্ৰতিফলিত কৰে।