ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! বিলুপ্তি হ'ব ৮০০০ চাকৰি

চৰকাৰী চাকৰিক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে এক নতুন নিৰ্দেশনা।
dangor kotha
dangor kotha

ডিজিটেল ডেস্ক: চৰকাৰী চাকৰিক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে এক নতুন নিৰ্দেশনা। সোমবাৰে ৰাজ্য চৰকাৰৰ শিক্ষা সচিবৰ পৰা প্ৰকাশ পোৱা এক জাননী অনুসৰি ৰাজ্যৰ পৰা বিলুপ্তি হ'ব ৮০০০ চাকৰি।

বিলুপ্তি হ'ব লগীয়া পদ সমূহৰ ভিতৰত ৪২৮৫ টা নিম্ন প্ৰাথমিক আৰু ৩৭১৫ টা উচ্চ প্ৰাথমিকৰ শিক্ষকৰ পথ বিলুপ্তি কৰা হ'ব।

উল্লেখ্য যে,২০২০ চনত ৰাজ্য চৰকাৰৰ কেবিনেটে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই অনুসৰি ষ্টেট পোলত একাংশ শিক্ষকক নিযুক্তি দিছিল। এই সকলক দৰমহা দিয়া হৈছিল। ৰাজ্য চৰকাৰৰ ৮ হাজাৰ পদত তেওঁলোকক দৰমহা দি ৰখা হৈছিল।

ৰাজ্য চৰকাৰে ১ লাখ নিযুক্তিৰ কথা কৈ আহিছে। কিন্তু ইয়াৰ মাজতে ৮০০০ পদ বিলুপ্তি কৰাৰ ঘটনাই ৰাজ্যত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব সেয়া হ'ব লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in