/asomiyapratidin/media/media_files/2025/04/10/C2aLQI2JUi79s7EGOLQf.jpg)
ডিজিটেল সংবাদ, শিলচৰ: মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত এইবোৰ কি চলিছে বুলি প্ৰশ্ন তুলিছে একাংশ সচেতন লোকে ! ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত কোটি কোটি টকা ব্যয় কৰাৰ পিছতো ৰাইজে আজিলৈ এটুপি খোৱাপানী লাভ নকৰিলে। সেয়ে খোৱাপানী বিচাৰি এইবাৰ হাতত কলহ -বাল্টি লৈ প্ৰতিবাদত নামিছে কাছাৰ জিলাৰ একাংশ পুৰুষ- মহিলা।
২ কোটি ২৮ লাখ টকা ব্যয় কৰি পানী যোগান আঁচনি নিৰ্মাণ কৰাৰ পিচতো আজিলৈ এটুপি খোৱা পানী লাভ নকৰিলে কাটিগৰা সমষ্টিৰ চান্দপুৰ হুৰাউলি গাঁৱৰ ৰাইজে। ঠিকাদাৰ অৰবিন্দ পাল আৰু বিভাগীয় বিষয়াৰ চূড়ান্ত অৱহেলাৰ বাবে আজিলৈ খোৱাপানী লাভ নকৰিলে গাঁৱখনৰ দুই শতাধিক পৰিয়ালে।
পানী যোগান ধৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু ঠিকাদাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো কোনো কাম নোহোৱাত অৱশেষত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে গাঁৱখনৰ ৰাইজে। লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ হায় হায় আদি শ্ল'গান দিয়ে বঞ্চিত ৰাইজে।
উল্লেখযোগ্য যে, পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি পানী যোগান ধৰা নহয়, তেন্তে আসন্ন পঞ্চায়ত নিৰ্বাচনৰ ভোট বৰ্জন কৰিব বুলি মন্তব্য কৰে গাঁওবাসীয়ে। ইফালে, চৰকাৰী আঁচনিৰ পৰা খোৱাপানী লাভ নকৰাত নলা -নৰ্দমা আৰু পুখুৰীৰ পানী সেৱন কৰিবলৈ বাধ্য হৈছে গাঁৱখনৰ লোকসকল। লেতেৰা পানী সেৱনৰ ফলত গাঁৱখনৰ শিশুৰ পৰা বৃদ্ধ লৈ অধিক সংখ্যক লোক বিভিন্ন ৰোগত আক্ৰান্ত হৈছে বুলিও অভিযোগ গাঁওবাসীৰ।