বিধ্বস্ত বাট-পথ, ভোট বৰ্জনৰ সিদ্ধান্ত ৰাইজৰ

গহপুৰ বিধান সভা সমষ্টিৰ পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ সোলেঙীগুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নলবাৰী অঞ্চলৰপশ্চিম ঘগৰাৰ কেইবাটাও গ্ৰাম্যপথ বিধ্বস্ত হৈ থকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সাধাৰণ ৰাইজে।

author-image
Asomiya Pratidin
New Update
ভোট বৰ্জনৰ সিদ্ধান্ত ৰাইজৰ

ভোট বৰ্জনৰ সিদ্ধান্ত ৰাইজৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ বিধান সভা সমষ্টিৰ পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ সোলেঙীগুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নলবাৰী অঞ্চলৰপশ্চিম ঘগৰাৰ কেইবাটাও গ্ৰাম্যপথ বিধ্বস্ত হৈ থকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সাধাৰণ ৰাইজে। সমাগত পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিবাদকাৰী ৰাইজে।

Advertisment

বিশেষকৈ ৮ নং ৱাৰ্ডৰ ঘগৰা-মাজগাঁও সংযোগী পথছোৱা মেৰামতিৰ কাৰণে স্থানীয় ৰাইজে দীৰ্ঘদিনৰে পৰা জনাই অহা দাবীক অগ্ৰাহ্য কৰিলে বিধায়ক উৎপল বৰাই। অঞ্চলটোৰ পথ মেৰামতিৰ ক্ষেত্ৰত স্থানীয় বিধায়ক উৎপল বৰাই গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। 

ইফালে বুধবাৰৰ প্ৰতিবাদস্থলীত কেইজনমান বিজেপি পালিনেতাই প্ৰতিবাদী ৰাইজক আশ্বস্ত কৰিবলৈ গৈছিল। প্ৰতিবাদ নকৰিবলৈ বুজনি দিছিল ৰাইজক। তেনেতে বিজেপিৰ এজন পালিনেতাই ভিডিঅ কলিঙৰ জৰিয়তে মোবাইলত সংযোগ স্থাপন কৰি দিয়ে গহপুৰৰ বিধায়ক উৎপল বৰাৰ লগত। তাৰ পিছত সৃষ্টি হয় উত্তেজিত পৰিস্থিতিৰ।

পথ নিৰ্মাণ উৎপল বৰা ছয়দুৱাৰ