জিলা আয়ুক্ত হিচাপে নগাঁৱৰ দায়িত্ব গ্ৰহণ দেৱাশীষ শৰ্মাৰ...

সভাৰ পূৰ্বে জিলা আয়ুক্ত গৰাকীয়ে আয়ুক্ত কাৰ্য্যালয়ৰ প্ৰতিটো শাখাত উপস্থিত হৈ শাখা সমূহৰ অভাৱ অভিযোগ সমূহৰ বুজ লোৱাৰ লগতে জিলা আয়ুক্তৰ কাৰ্য্যালয়টো পৰিস্কাৰ পৰিচন্নতাৰে শুৱনি কৰি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।  

author-image
Asomiya Pratidin
New Update
as

ডিজিটেল সংবাদ , নগাঁও:  নগাঁৱৰ জিলা আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিলে দেৱাশীষ শৰ্মাই । দায়িত্ব গ্ৰহণ কৰাৰ পিছত আজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত নৱনিযুক্ত আয়ুক্ত দেৱাশীষ শৰ্মাই জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলৰ লগত এখন পৰিচয়মূলক সভাত মিলিত হয় ।

Advertisment

সভাৰ আৰম্ভণিতে নৱনিযুক্ত জিলা আয়ুক্ত গৰাকীক জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকলে ফুলাম গামোচা, শৰাই  জাঁপি আৰু ফুলৰ থোপাৰে নগাঁও জিলালৈ উষ্ম আদৰণি জনায় । আয়ুক্ত গৰাকীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক তথা সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক বিপুল চন্দ্ৰ বৰাই ।

ইয়াৰ পিছতে আয়ুক্ত গৰাকীৰ লগত উপস্থিত সকলো বিষয়া-কৰ্মচাৰীৰ পৰিচয়পৰ্ব সম্পন্ন হয়। জিলা আয়ুক্তই ভাষণত কয় যে, আমি সকলোৱে নিজৰ বিভাগীয় কাম-কাজ সমূহ সুকলমে আৰু নিয়াৰিকৈ সম্পন্ন কৰি আমাৰ নগাঁও জিলাখনক অসমৰ লগতে দেশৰ ভিতৰত এখন উন্নত জিলা হিচাপে গঢ়ি তুলিব লাগিব আৰু তাৰ বাবে তেখেতে উপস্থিত সকলোৰে সহযোগিতা আৰু গঠনমূলক দিহা পৰামৰ্শ তথা পূৰ্ণ সহযোগিতা কামনা কৰে।

জিলাখনৰ জনসাধাৰণৰ সুবিধাৰ্থে সমূহ বিষয়া-কৰ্মচাৰীসকলক চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সময়সূচী মতে উপস্থিত থাকি নিয়মানুৱৰ্তীতাৰে নিজৰ কৰ্ম সম্পাদন কৰিবলৈ আয়ুক্ত গৰাকীয়ে আহ্বান জনায় । আয়ুক্ত গৰাকীয়ে সদ্য  প্ৰাক্তন জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহকে প্ৰমুখ্য কৰি  পূৰ্বৰ জিলা আয়ুক্ত সকলে জিলাখনৰ বাবে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদান সমূহ স্মৰণ কৰাৰ লগতে তেখেত সকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

সভাৰ পূৰ্বে জিলা আয়ুক্ত গৰাকীয়ে আয়ুক্ত কাৰ্য্যালয়ৰ প্ৰতিটো শাখাত উপস্থিত হৈ শাখা সমূহৰ অভাৱ অভিযোগ সমূহৰ বুজ লোৱাৰ লগতে জিলা আয়ুক্তৰ কাৰ্য্যালয়টো পৰিস্কাৰ পৰিচন্নতাৰে শুৱনি কৰি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।  

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে" পৰিবেশনেৰে অন্ত পৰা উক্ত সভাখনত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া  মনোজ কুমাৰ চিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দেবযানী চৌধুৰী, অতিৰিক্ত আয়ুক্ত সকল, সহকাৰী আয়ুক্ত সকল, চক্ৰ বিষয়া সকল, জিলা তথ্য আৰু জনসংযোগ বিষয়া, খণ্ড উন্নয়ন বিষয়া সকল আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ আৰু কণিষ্ঠ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে ।

নগাঁও