/asomiyapratidin/media/media_files/2025/02/25/oKS2bKYwlD9uGMCGjD9j.jpg)
দেৱানন্দ বৰুৱাৰ মৃত্যুবাৰ্ষিকী পালন
ডিজিটেল ডেস্ক : আয়তীৰ নামেৰে ভকতিৰ অৰ্ঘ্য নিবেদন কৰি ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰত পালন কৰা হ'ল ‘হেমকোষপ্ৰাণ’ দেৱানন্দ বৰুৱাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী। মহানগৰীৰ ভাস্কৰ নগৰস্থিত শিক্ষানুষ্ঠানখনত মঙলবাৰে এক মাংগলিক পৰিৱেশৰ মাজত প্ৰয়াত দেৱানন্দ বৰুৱাৰ পুণ্য তিথিটো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। অনুষ্ঠানৰ আগেয়ে হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/media_files/2025/02/25/E7kpYnACWbstCbVbARnb.jpg)
উল্লেখযোগ্য যে বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰী তথা ছাত্ৰ- ছাত্ৰীসকলৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানটিত চিত্ৰাংকন প্ৰতিযোগিতা, বক্তৃতাৰ লগতে এখনি স্মৃতিচাৰণ সভাও অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনে।
/asomiyapratidin/media/media_files/2025/02/25/Nsa2354JVHjQTHhhTXam.jpg)
তাৰোপৰি এই সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা, পত্নী ৰুবী বৰুৱা, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, বিশিষ্ট শিল্পী অজন্তা গোস্বামী, অসমীয়া প্ৰতিদিনৰ পৰিচালন সঞ্চালক ঋষি বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক নিধন বৰ্মা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন ভট্টাচাৰ্য। একেদৰে উপস্থিত থাকে বিদ্যালয়খনৰ শুভাকাক্ষী, শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ- ছাত্ৰীসকল।
/asomiyapratidin/media/media_files/2025/02/25/uJMICmiIE5tfnAF6fykZ.jpg)
দেৱানন্দ বৰুৱাৰ পুণ্যতিথি উপলক্ষে আয়োজিত এই সভাত ভাষণ দি মুখ্য অতিথি অদীপ কুমাৰ ফুকনে কেতবোৰ মন্তব্য কৰে। তেওঁ কয়- দেৱানন্দ বৰুৱাই অসমীয়া ভাষা- সাহিত্যৰ যি শিপা, সেই শিপাডাল শক্তিশালী কৰিবলৈ মৃত্যু পৰ্যন্ত কাম কৰি গৈছে। তেখেতে স্থাপন কৰা এনে এখন বিদ্যালয়ত তেখেতৰ পবিত্ৰ দিনটো স্মৰণ কৰিবলৈ পাই নিজকে সৌভাগ্য বুলি মন্তব্য কৰে।
/asomiyapratidin/media/media_files/2025/02/25/LDXNRmvVjN7JXyoxZwby.jpg)
আনহাতে অনুষ্ঠানৰ সন্মানীয় অতিথি তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই দেৱনন্দ বৰুৱা আচলতে কোন সেই সম্পৰ্কে উপস্থিত ছাত্ৰ- ছাত্ৰীসকলক অৱগত কৰে। তেওঁ ভাষণ প্ৰসংগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পূৰ্বপুৰুষৰ পৰা আদি কৰি দেৱানন্দ বৰুৱাৰ প্ৰজন্মলৈকে অসমীয়া ভাষা- সাহিত্যলৈ আগবঢ়াই অহা অৱদানৰ কথা ফঁহিয়াই উল্লেখ কৰে। তেওঁ কয়- ভাষা এটাই স্থায়িত্ব পাবৰ বাবে আমাক লাগিব ব্যাকৰণ আৰু অভিধান। আৰু এই কথা হেমচন্দ্ৰ বৰুৱাদেৱে বুজি পাইছিল। সেই বাবে তেওঁ প্ৰথমখন অসমীয়া ব্যাকৰণ প্ৰকাশ কৰিছিল।
/asomiyapratidin/media/media_files/2025/02/25/s3zpGYGjvr5yV32eZiuR.jpg)
উক্ত সভাত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই দেৱানন্দ বৰুৱাৰ কৰ্মৰাজি আৰু হেমকোষ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি কয়- ৱোৱতী নদীত উটি অহা মেটেকাৰ দৰে ভাষা এটাই অভিধানৰ মাজেৰে শব্দৰ সন্ধান দিয়ে। লগতে জাতি এটাক সভ্যতাৰ লগত খাপ খুৱাই নিব পৰাৰ অৱকাশ দিয়ে।
/asomiyapratidin/media/media_files/2025/02/25/1erOAvEWiOCf1h33KRYN.jpg)
এই গোটেই কামখিনি হেমকোষ আৰু নিজৰ কৰ্মৰাজিৰ মাজেৰে দেৱানন্দ বৰুৱাই কৰি গৈছিল। তাৰোপৰি দেৱানন্দ বৰুৱাই পুত্ৰ জয়ন্ত বৰুৱাৰ পৰা নাতি ঋাষি বৰুৱা- স্মিতাক্ষী বি গোস্বামীলৈকে তেওঁলোকক অসমীয়া ভাষা- সাহিত্যৰ কৰ্ষণত নিয়োজিত কৰি যি প্ৰেৰণাৰ দৃষ্টান্ত দাঙি ধৰিছে তাৰ সঠিক মূল্যায়ন হ’ব লাগে বুলি প্ৰকাশ মহন্তই ভাষণ প্ৰসংগত দোহাৰে।
/asomiyapratidin/media/media_files/2025/02/25/yfyCUeYiC3mYvUAtDiFK.jpg)
উল্লেখযোগ্য যে দেৱানন্দ বৰুৱাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজক কৰা চিত্ৰাংক প্ৰতিযোগিতাৰ বঁটাসমূহো উক্ত সভাতে অতিথিসকলৰ উপস্থিতিত প্ৰদান কৰা হয়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে চিত্ৰাংকন প্ৰতিযোগিতাখনি দুটা শাখাত অনুষ্ঠিত কৰা হৈছিল।
/asomiyapratidin/media/media_files/2025/02/25/EAbkcwvaLO7yFLVdE4uR.jpg)
তাৰোপৰি আজিৰ এই অনুষ্ঠানত বিদ্যালয়খনৰ ভালেকেইগৰাকী শিক্ষাৰ্থীয়ে হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সন্দৰ্ভত চমু বক্তৃতা প্ৰদান কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
/asomiyapratidin/media/media_files/2025/02/25/AU0jE6wB8DI1MhYIfKQT.jpg)