বৰ্ষাপাৰাত হ'ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মেচ...

আই পি এলৰ পিছত অসমবাসীৰ বাবে আন এটা ভাল খবৰ। ২০২৫বৰ্ষটোত গুৱাহাটীত অনুষ্ঠিত হব কেইবাখনো আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেচ। বি চি চি আইৰ সচিব দেৱজিত লন শইকীয়াই শেহতীয়াকৈ কৰিছে এই ঘোষণা।

author-image
Asomiya Pratidin
New Update
gutss

ডিজিটেল ডেস্কঃ আই পি এলৰ পিছত অসমবাসীৰ বাবে আন এটা ভাল খবৰ। ২০২৫বৰ্ষটোত গুৱাহাটীত অনুষ্ঠিত হব কেইবাখনো আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেচ। বি চি চি আইৰ সচিব দেৱজিত লন শইকীয়াই শেহতীয়াকৈ কৰিছে এই ঘোষণা। শইকীয়াই সংবাদমাধ্যমক অৱগত কৰা অনুসৰি, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট মেচ অনুষ্ঠিত হব বৰ্ষাপাৰা ষ্টেডিয়ামত। যোৱা শনিবাৰে বি চি চি আয়ে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত এই টেষ্ট মেচ ২২নৱেম্বৰ, ২০২৫ৰ পৰা আৰম্ভ হব বুলি কয় শইকীয়াই। বছৰটোৰ শেষৰফালে ভাৰত ভ্ৰমণলৈ অহা দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলটোৱে ভাৰতত খেলিব দুখন টেষ্ট মেচ, ৫খন টি টুৱেন্টী আৰু ৩খন এদিনীয়া মেচত অংশ গ্ৰহণ কৰিব। 

ইয়াৰে দ্বিতীয় খন টেষ্ট অনুষ্ঠিত হব অসমৰ বৰ্ষাপাৰা ষ্টেডিয়ামত। সংবাদমাধ্যমৰ আগত দেৱজিত লন শইকীয়াই আন এটা ভাল খবৰো প্ৰদান কৰে। এতিয়ালৈকে অসমত বিশ্বকাপৰ মূলসূচীৰ কোনো মেচ অনুষ্ঠিত হোৱা নাই। কিন্তু সকলো ঠিকে ঠাকে থাকিলে এইবাৰ অসমত অনুষ্ঠিত হ'ব বিশ্বকাপৰ মূলসূচীৰ মেচ। 

এই বছৰ ২৪ ছেপ্টম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া মহিলা বিশ্বকাপৰ প্ৰায় ৫-৬খন মেচ অসমত অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই বিশ্বকাপৰ বাবে ভাৰতীয়. ক্ৰিকেট বৰ্ডে বাচনি কৰা ৫খন বিশেষ স্থানৰ ভিতৰত আছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামো। অৱশ্যে এতিয়ালৈকে এই সিদ্ধান্ত চূড়ান্ত মোহৰ মৰা নাই বি চি চি আয়ে। 

 

টীম ইণ্ডিয়া