ভূ-স্বৰ্গত ৰুষ্ট প্ৰকৃতিঃ মৃতকৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি...

তিস্তা আৰু তছা নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ভালেখিনি ওপৰেৰে বৈ থকাৰ ফলত বিস্তীর্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে পথ আৰু ৰেল যোগাযোগ বেয়াকৈ ক্ষতিগ্রস্ত হৈছে।

New Update
web ap  flood (1)

ডিজিটেল ডেস্কঃ  কুইনছ অৱ হিলছত প্ৰকৃতিৰ তাণ্ডৱলীলা। হিমালয়ৰ উৎস অংশত হোৱা প্ৰৱল বৰষুণে বিপদ মাতিছে উত্তৰ বংগ আৰু ছিকিমলৈ। উক্ত স্থানৰ প্ৰায়বোৰ নদী ফেনে-ফোটোকাৰে ওফন্দি উঠা ফলত সমগ্ৰ অঞ্চল ভয়ংকৰ বানৰ কবলত পৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, তিস্তা আৰু তছা নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ভালেখিনি ওপৰেৰে বৈ থকাৰ ফলত বিস্তীর্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে পথ আৰু ৰেল যোগাযোগ বেয়াকৈ ক্ষতিগ্রস্ত হৈছে। তাৰোপৰি ছিকিম আৰু দার্জিলিঙত প্ৰৱল বৰষুণ আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈকে ২৩জন লোকে প্রাণ হেৰুৱাইছে।

উত্তৰ বংগৰ মিৰিকত উদ্ধাৰ অভিযানত ৰাষ্ট্ৰীয় দুর্যোগ সঁহাৰি বাহিনী, সেনা বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আৰক্ষী বাহিনীৰ লোকক নিয়োজিত কৰা হৈছে। অসমকে ধৰি বিভিন্ন অঞ্চলৰ পৰা মিৰিকলৈ যোৱা পৰ্যটকসকলক উদ্ধাৰ কৰাৰ বাবে দিনে-নিশাই অভিযান চলাই থকা বুলি জানিব পৰা গৈছে।

আনহাতে, ভূমিস্খলনৰ ফলত বেয়াকৈ ক্ষতিগ্রস্ত হোৱা শিলিগুৰি আৰু দার্জিলিঙৰ মাজৰ ১১০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আজি পুৱাৰ ভাগত আংশিকভাৱে মুকলি কৰা হৈছে। পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে আজি উচ্চপদস্থ বিষয়াসকলৰ সৈতে দার্জিলিং অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল'ব। ৰাজ্যখনৰ ৰাজ্যপাল চি বি আনন্দ বোসেও দার্জিলিং ভ্রমণ কৰাৰ সম্ভাৱনা আছে।

উত্তৰ বংগত হোৱা প্ৰৱল বানৰ ফলত উত্তৰ-পূব সীমান্ত ৰেলৱেয়ে এই পৰ্যন্ত ৯খন ৰেলৰ যাত্রা বাতিল কৰাৰ তথ্য পোৱা গৈছে। উত্তৰ বংগৰ উন্নয়ন মন্ত্ৰী উদয়ন গুহই পৰিস্থিতি চিন্তনীয় বুলি অভিহিত কৰি কয় যে দেওবাৰে সন্ধিয়ালৈকে মুঠ ২০ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে যদিও এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । 

উল্লেখযোগ্য যে, বিগত সময়ত অৰ্থাৎ ২০১৫ চনত দাৰ্জিলিঙত হোৱা ভূমিস্খলনত প্ৰায় ৪০ জন লোকৰ মৃত্যু হৈছিল ৷ তাৰপিছত জিলাখনত হোৱা এয়া সৰ্বাধিক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷

বান দাৰ্জিলিং