/asomiyapratidin/media/media_files/2025/05/18/7Zlu06paBYJ3xtIQ50jL.jpg)
ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ ঐতিহাসিক চাৰ্মিনাৰৰ সমীপৰ এটা অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত ১৭ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। জানিব পৰা মতে হায়দৰাবাদৰ মিৰ চক অঞ্চলৰ এটা অট্টালিকাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা মতে, পুৱা প্ৰায় ৬.৩০ বজাত তেওঁলৈ এই সন্দৰ্ভত ফোন আহিছিল। লগে লগে ১১খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সহ সেই স্থানলৈ অগ্নি নিৰ্বাপণৰ বাবে এটা দল প্ৰেৰণ কৰা হয়। লগতে ১০খন এম্বুলেন্সো উক্ত স্থানত উপস্থিত হয়। যাৰ বাবে আহতসকলক লগে লগে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
উল্লেখ্য যে, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি এচিৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে তদন্ত সমাপ্ত হোৱাৰ পিছতহে জানিব পৰা যাব যে জুইৰ সঠিক কাৰণ কি।
এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়েও। ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে সামাজিক মাধ্যমত কয় যে, ঘটনাত মৃত্যু হোৱা লোকসকলৰ বাবে মই গভীৰ শোক প্ৰকাশ কৰিছো লগতে সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো। প্ৰতিজন মৃতকৰ আত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ এককালীন সাাহাৰ্য প্ৰদান কৰা হ’ব। আনহাতে আহতসকলক ৫০ হাজাৰ টকা দিয়া হ’ব।
এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। এনে ঘটনা অতি দুখজনক বুলিও তেওঁ কয়। ঘটনাত নিহতসকলৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা হ'ব বুলি উল্লেখ কৰিছে জি কিষাণ ৰেড্ডীয়ে। তেওঁ লগতে কয়, মই ভুক্তভোগী পৰিয়ালৰ সদস্যক লগ পাইছিলো। মই কাকো অভিযোগ কৰা নাই, কিন্তু আৰক্ষী, পৌৰসভা, অগ্নিনিৰ্বাপক আৰু বিদ্যুৎ বিভাগক অধিক শক্তিশালী কৰিব লাগিব।
তেওঁ আৰু কয়, মোক কোৱা হৈছিল যে আজি অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলৰ হাতত প্ৰথম অৱস্থাত উপযুক্ত সঁজুলি নাছিল। অনাগত দিনত আমি উন্নত প্ৰযুক্তি আনিব লাগিব। মই কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিম আৰু এই ঘটনাত মৃত্যু হোৱাসকলৰ পৰিয়ালৰ বাবে আৰ্থিক সহায় লোৱাৰ চেষ্টা কৰিম।
একে সময়তে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে। তেওঁ বিষয়াসকলক সাহায্যৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ আৰু আহতসকলৰ উত্তম চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।