বৃদ্ধি হৈয়ে আছে আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা...

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ জনলৈ বৃদ্ধি পাইছে। অৱশ্যে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কিমান মানুহৰ মৃত্যু হৈছে সেই কথা চৰকাৰীভাৱে ঘোষণা কৰা নাই।

author-image
Asomiya Pratidin
New Update
বৃদ্ধি হৈয়ে আছে আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা...

ডিজিটেল ডেস্কঃ আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ জনলৈ বৃদ্ধি পাইছে।যদিও এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কিমান মানুহৰ মৃত্যু হৈছে সেই কথা ঘোষণা কৰা নাই তথাপিও বিমানখনৰ ২৪২ জন লোকৰ ভিতৰত ২৪১ জনৰে মৃত্যু হোৱাটো নিশ্চিত হৈছে। ইফালে ঘটনাৰ নিশা গুজৰাট আৰক্ষীয়ে ২৬৫ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছিল।

Advertisment

সূত্ৰ অনুসৰি মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাইছে। বিমানখনৰ ধ্বংসাৱশেষৰ পৰা অধিক মৃতদেহ আৰু শৰীৰৰ অংগ উদ্ধাৰ কৰা হৈছে। শনিবাৰে পুৱালৈকে কমেও ২৭৪জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। 

এই সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। উল্লেখ্য যে, আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰাৰ কেইটামান মুহূৰ্তৰ পিছতে এয়াৰ ইণ্ডিয়াৰ AI171 বিমানখনে বিজে মেডিকেল কলেজৰ এটা হোষ্টেলত খুন্দা মাৰে। 

ফলত বিমানখন বিস্ফোৰিত হৈ বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। ফলত বিমানখনৰ এজন যাত্ৰী ৰক্ষা পৰাৰ বিপৰীতে বাকী আটাইকেইজনৰে মৃত্যু হয়। কেৱল সেয়াই নহয়, হোষ্টেলৰ কেইবাজনো আৱাসী আৰু স্থানীয় লোকৰো মৃত্যু হয়। 

দুৰ্ঘটনাত আহতসকলক লগে লগে স্থানীয় আহমেদাবাদ অসামৰিক চিকিৎসালয় আৰু বিজে মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তাতেই চিকিৎসাধীন হৈ আছে।স্থানীয় সূত্ৰ অনুসৰি বহু মৃতদেহ সম্পূৰ্ণৰূপে এতিয়াও উদ্ধাৰ হোৱা নাই। 

ধ্বংসাৱশেষত চলা উদ্ধাৰ অভিযানত উদ্ধাৰ কৰা হৈছে শৰীৰৰ অংগ। কাৰোবাৰ যদি হাত আন কাৰোবাৰ ভৰি উদ্ধাৰ হৈছে। বহুতৰে সম্পূৰ্ণ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও সেয়া এতিয়াও চিনাক্ত কৰিব পৰা নাই। এইসমূহ চিনাক্ত কৰিবলৈ প্ৰশাসনে ডি এন এ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। 

যিসকলৰ সন্ধান এতিয়াও বিচাৰি পোৱা নাই, যিসকল বিমানত আছিল বা বিমান দুৰ্ঘটনাস্থলীত আছিল তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ পৰা ডি এন এ নমুনা সংগ্ৰহ কৰা হৈছে।উদ্ধাৰকাৰীয়ে জনোৱা মতে, ধ্বংসাৱশেষ সেই স্থানৰ পৰা আঁতৰাবলৈ কিছু সময়ৰ প্ৰয়োজন লাগিব। 

এই ধ্বংসাৱশেষ আঁতৰোৱাৰ পিছত তাৰ তলত কোনো লোক সমাধিস্থ হৈ আছে নেকি সেয়া স্পষ্ট হব। তাৰ পাছতহে মৃতকৰ সংখ্যাৰ প্ৰকৃত সংখ্যা জানিব পৰা যাব। 

স্মৰ্তব্য, যোৱা ১২ জুনত দিনৰ ১:৩৮ বজাত আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডন গেটৱিকলৈ উৰা মাৰিছিল অভিশপ্ত এয়াৰ ইণ্ডিয়াৰ বিমানখন। তাৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল বিমানখন।

সেই সময়ত বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত আছিল ২৩০ জন যাত্ৰী আৰু এজন পাইলট, এজন সহ-পাইলত, ১০ গৰাকী ক্ৰু মেম্বাৰ। তাৰোপৰি জাহাজখনত আছিল ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ, ৭ জন পৰ্তুগীজ আৰু এজন কানাডিয়ান নাগৰিক। 

 

বিমান দুৰ্ঘটনা আহমেদাবাদ এয়াৰ ইণ্ডিয়া